গুৱাহাটী, ৬ এপ্ৰিল :অসম-অৰুণাচল প্ৰদেশৰ মাজত সীমাবিবাদ নিষ্পত্তি চলিত বছৰৰ শেষ ভাগত সম্পন্ন হ'ব (Assam Arunachal border dispute to be resolved) । এই কথা বুধবাৰে বিধানসভা অধিবেশনত সদৰী কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই (border security and development minister Atul Bora) । অসম বিধানসভাত আন্তঃৰাজ্যিক সীমান্তত বাস কৰা ভূমিপুত্ৰৰ সুৰক্ষা সন্দৰ্ভত বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে সোধা প্ৰশ্নৰ উত্তৰ দি অতুল বৰাই কয় যে অসম-অৰুণাচল প্ৰদেশৰ মাজত সীমাবিবাদ নিষ্পত্তি কৰিবৰ বাবে অসম আৰু অৰুণাচল চৰকাৰে ১২ খনকৈ আঞ্চলিক কমিটী (Regional Committee for border issue) গঠন কৰি দিছে ।
পাৰ্শ্বৱৰ্তী আঞ্চলিক কমিটীবোৰে যুটীয়াভাৱে বিবদমান অঞ্চল পৰিদৰ্শন কৰি যুটীয়া প্রতিবেদন নিজ নিজ চৰকাৰক দিবলৈ নিৰ্দেশ দিয়া হৈছে । এই প্রতিবেদনৰ ভিত্তিত দয়োখন ৰাজ্যৰ দ্বাৰাই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি সীমাবিবাদৰ নিষ্পতিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ সদনত জনায় । মন্ত্ৰী অতুল বৰাই সীমাবিবাদ সন্দৰ্ভত বিধায়ক হিতেন্দ্র নাথ গোস্বামীৰ আন এক প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীনোত্তৰ অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যা পাৰস্পৰিক বুজাবুজিৰে সমাধানৰ বাবে শেহতীয়াকৈ অসম চৰকাৰে সীমান্ত অঞ্চলত বাস কৰা ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ স্বাৰ্থত কাষৰীয়া ৰাজ্যৰ চৰকাৰৰ লগত সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে বহু পদক্ষেপ লৈ আহিছে ।
তেওঁ জনায় যে এই সীমা সমস্যা নিষ্পত্তি কৰাৰ কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ উপদেশমর্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্রদেশ চৰকাৰৰ লগত দ্বি-পাক্ষিক বুজাবুজিৰ জৰিয়তে সীমাবিবাদ নিষ্পত্তি কৰিবলৈ আঞ্চলিক কমিটী গঠন কৰি ক্ষেত্রভিত্তিক ভ্রমণ, পৰ্যবেক্ষণ, পর্যালোচনা কৰি সংশ্লিষ্ট ৰাজ্যসমূহে বিবাদ নিষ্পত্তি কৰাৰ ব্যৱস্থা লৈছে । মন্ত্ৰী অতুল বৰাই কয় যে অসম আৰু মেঘালয়ৰ মাজত থকা মুঠ ১২ টা বিবদমান অঞ্চলৰ ৬ টা অঞ্চলৰ সীমা যুটীয়াভাৱে নিৰ্ধাৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত বুজাবুজিৰ চুক্তি (MoU for Assam Arunachal border issue) স্বাক্ষৰ কৰা হৈছে আৰু সীমা জৰীপৰ কাম হাতত লোৱা হৈছে ।