গুৱাহাটী,১৩ মে': কৰ’ণা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত আগুৱাই দিয়া হ’ল গ্ৰীষ্মকালীন বন্ধ । ১৫ মে’ৰ পৰা ১৪ জুনলৈ গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে । পূৰ্বতে ১ জুলাইৰ পৰা ৩১ জুলাইলৈ আছিল গ্ৰীষ্মকালীন বন্ধ । অৱশ্যে ক'ভিডৰ বাবে বিদ্যালয়সমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে । প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ শৈক্ষিক শিক্ষাৰ ক্ষেত্রত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধ আগুৱাই দিয়াৰ সিদ্ধান্ত লয় শিক্ষা বিভাগে । এই সন্দৰ্ভত শিক্ষা বিভাগে বৃহস্পতিবাৰে এখন জাননীও জাৰি কৰিছে ।
১৫ মে’ৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা শিক্ষা বিভাগৰ - গ্ৰীষ্মকালীন বন্ধ
প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ শৈক্ষিক শিক্ষাৰ ক্ষেত্রত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধ আগুৱাই দিয়াৰ সিদ্ধান্ত লয় শিক্ষা বিভাগে ।
১৫ মে’ৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা শিক্ষা বিভাগৰ
উল্লেখ্য যে, অসমত বৰ্তমান ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,77,687 গৰাকীলৈ বৃদ্ধি হৈছে আৰু মৃত্যু হৈছে 1,531 গৰাকীৰ ৷ আনহাতে ৰাজ্যখনত বৰ্তমানে সক্ৰিয় হৈ আছে 31,829 টা ঘটনা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে উল্লেখ কৰে অনুসৰি বিগত মাত্ৰ পাঁচটা দিনত (৫ মে'ৰ পৰা ৯ মে' পৰ্যন্ত) মহামাৰীৰ কৱলত পৰি ৰাজ্যত ৩১৯ গৰাকী লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক: মাজুলীত ভাগিনৰ সৈতে এসাঁজ খালে মামা হিমন্ত বিশ্ব শৰ্মাই