অসম

assam

Asom Divas 2022 : অসমীয়া জাতিৰ পিতৃপুৰুষ চুকাফাক ৰাজ্যজুৰি স্মৰণ

By

Published : Dec 2, 2022, 1:32 PM IST

১২২৮ চনৰ ২ ডিচেম্বৰত (১৬ আঘোণ) চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত ভৰি থোৱাৰ ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে চৈখোৱাৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন লোকে ১৯৭২ চনতে হাতত লৈছিল এক প্ৰচেষ্টা (Sao Lung Sukapha) । তাৰেই ফলশ্ৰুতিত পৰৱৰ্তী সময়ত চুকাফা দিৱস তথা অসম দিৱসৰ আৰম্ভণি (Asom divas 2022) ।

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, ২ ডিচেম্বৰ :আজি অসম দিৱস বা চুকাফা দিৱস (Sukapha divas) । আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে । ১৯৮৭ চনৰ পৰা অসম চৰকাৰে বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ পৱিত্ৰ স্মৃতিত ২ ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Asom divas) ।

উল্লেখ্য, ১২২৮ চনৰ ২ ডিচেম্বৰত (১৬ আঘোণ) চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত ভৰি থোৱাৰ ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে চৈখোৱাৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন লোকে ১৯৭২ চনতে হাতত লৈছিল এক প্ৰচেষ্টা (Sao Lung Sukapha) । তাৰেই ফলশ্ৰুতিত পৰৱৰ্তী সময়ত চুকাফা দিৱস তথা অসম দিৱসৰ আৰম্ভণি । আজি সমগ্ৰ ৰাজ্যজুৰি চুকাফাৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰিছে অসমবাসীয়ে (tribute to Sukapha) ।

উল্লেখ্য, সাতৰাজ মাৰি এক ৰাজ কৰা ৰজা বোলা হয় চুকাফাক (Sukapha divas celebrated in Assam) । ইয়াৰ অৰ্থ হৈছে চুকাফাই এক বৃহত্তৰ অসম গঢ়াৰ সপোন দেখিছিল আৰু সেয়া কৰিও দেখুৱাইছিল । এক কথাত ক'বলৈ হ'লে বৰ্তমানৰ অসমীয়া জাতিৰ বুনিয়াদ গঢ়িছিল চাওলুং চুকাফাই (2nd December Asom Divas) । এসময়ত বহুধা বিভক্ত তথা থানবান হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি সবল অসমীয়া জাতিৰ সপোন সৌ তাহানিতে দেখিছিল চুকাফাই । চুকাফাই জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ বীজ ৰোপণৰ বিপৰীতে এক সমন্বয়ৰ দৃষ্টান্ত গঢ়িছিল (Asom divas celebrated in Assam) ।

এটা কথা নিশ্চিত যে দেশৰ আন জাতিৰ সৈতে অসম আৰু অসমীয়াৰ স্বকীয়তা ভিন্ন । অসমীয়া জাতি গঠন প্ৰক্ৰিয়াই বহু জাতি-জনগোষ্ঠীক সামৰি এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেৰে আজিৰ অৱস্থাত উপনীত হৈছেহি । আৰু এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল আহোম যুগৰ আৰম্ভণিৰ পৰা । সহজভাৱে ক'বলৈ গ'লে চুকাফাৰ আগমনৰ পিছৰ পৰায়ে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । যি চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত অসমৰ প্ৰথমজন আহোম ৰজা হিচাবে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।

উল্লেখ্য, আহোমসকল আছিল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিণ-পূব এছিয়াৰ বৃহৎ জাতিৰ এটি শাখা । আনহাতে, নতুন ৰাজ্যৰ সন্ধানত চুকাফাই যেতিয়া স্বদেশ এৰিছিল তেতিয়া তেওঁ লগত লৈ আহিছিল ইষ্ট দেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী, দুগৰাকী পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ, চাৰিজন ৰাজপুৰোহিত আৰু দুজন বাইলুং ।

ইয়াৰ উপৰি এহেজাৰ আশীজন সৈনিক,৩০০ ঘোঁৰা, খাম নামৰ এটা দঁতাল হাতী আৰু পেং নামৰ এজনী মাখুন্দী হাতী । ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-পামত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হৈছিলহি ।

তাত উপস্থিত হৈ তেওঁ এখন নতুন ৰাজ্য স্থাপনৰ পৰিকল্পনা কৰে আৰু আহোমসকলৰ প্ৰথমখন ৰাজধানী খামজাং নামৰ স্থানত প্ৰতিষ্ঠা কৰে । আনহাতে, দ্বিতীয়খন ৰাজধানী নামৰূপত পাতি পুনৰ তাৰ পৰা হা-বুং নৈৰে উজাই দিহং নৈৰে ভটিয়াই দিখৌমুখ পাইছিলগৈ ।

তাৰ পিছত তেওঁ শিমলুগুৰিত উপস্থিত হৈ পাহৰীয়া ওখ ঠাই চিনাক্ত কৰি নতুন ৰাজধানী প্ৰতিষ্ঠা কৰে । উক্ত ৰাজধানীখনৰ নাম দিলে চে-ৰাই-দয় । অৰ্থাৎ চৰাইদেউ । চে মানে নগৰ, ৰাই মানে জিলিকি থকা আৰু দয় মানে হৈছে পৰ্বত । চুকাফা আছিল টাই-মংগোলীয় ভাষাৰ কৃষ্টিৰ বাহক । কিন্তু তেওঁ নিজৰ সংস্কৃতিকে ধৰি নাথাকি থলুৱা ভাষা, কৃষ্টি, সংস্কৃতিৰ সমন্বয় ঘটাই অসমীয়া জাতিৰ বৰভেটি নিৰ্মাণত মনোনিবেশ কৰে ।

তেওঁৰ সমসাময়িক মৰাণ, কছাৰী, বৰাহী, নগা, চুতীয়া সকলো জাতি-জনগোষ্ঠীক একেলগ কৰি সকলোকে ৰাজশাসনত জড়িত হোৱাৰ সুযোগ দিছিল স্বৰ্গদেউ চুকাফাই । সেয়েহে সাতৰাজ মাৰি একৰাজ কৰা চুকাফাকে কোৱা হয় বৃহত্তৰ অসমীয়া জাতিৰ পিতৃ-পুৰুষ ।

চুকাফা আছিল ৰাজনৈতিকভাৱে অতি বিচক্ষণ । তেওঁ বুজিছিল কাৰোবাক দমন কৰাতকৈ মিত্ৰতাৰে তেওঁলোকক স-সন্মানেৰে বুকুৰ মাজত আঁকোৱালি লৈ এক শক্তিশালী ৰাজ্য গঠন কৰিব পাৰি । সেইটোকে কৰিছিল চুকাফাই । যুদ্ধৰ সলনি মন জয় কৰিবলৈ চেষ্টা কৰিছিল চুকাফাই ।

সেই বিশ্বাস আৰু আস্থাই আছিল আহোম ৰাজ্যৰ স্থায়িত্বৰ অন্যতম কাৰণ । যাৰ বাবে আহোমসকলে ছশ বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য, চুকাফাৰ জন্ম হৈছিল চেন চেতত চাও টাই পঙৰ কাৰেঙত । ১১৮৬ খ্ৰীষ্টাব্দত উত্তৰ ব্ৰহ্মদেশৰ চিউলি নদীৰ পাৰত এইগৰাকী স্বৰ্গদেউৱে জন্মলাভ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল খুতাংখাং আৰু মাতৃৰ নাম নাং কুমাৰী ।

চাওলুং চুকাফা সন্দৰ্ভত বিশিষ্ট বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই 'আহোমৰ দিন' গ্ৰন্থত এইদৰে লিখিছিল–"ন ভাত খাই নাকুৰি দেওৰ ওচৰৰ সৰু পৰ্বতখনিতেই চুকাফাই নগৰ কৰি থাকিল । আত পাচে বৰাহী বোৰে আলচী শাক পাত খৰি যোগান দিবলৈ ধৰিলে আৰু বোলে ই সকল আনৰ বঙহৰ নহয়,দেও মানুহ বুলি যি কয় সেয়ে হয় ।"

চাওলুং চুকাফায়ে হৈছে আহোম ৰাজত্বৰ আধাৰ । যুদ্ধৰ সলনি বন্ধুত্বৰে তেওঁ চুবুৰীয়া ৰাজ্য আৰু জাতিৰ শাসনকৰ্তাক আঁকোৱালি লৈছিল । চুকাফা আছিল অসমৰ ইতিহাসৰ এহেজাৰো অধিক কালৰ ভিতৰত শ্ৰেষ্ঠ আৰু অদ্বিতীয় ৰাজনীতিবিদ ।

চাওলুং চুকাফা এফালে যেনেদৰে হৃদয়ৱান আছিল, আনফালে আকৌ কঠোৰ প্ৰশাসকো আছিল । তেওঁ সাংগঠনিক আৰু ৰাজনৈতিকভাৱে অতি দক্ষ তথা অভিজ্ঞ আছিল । যি দক্ষতাৰ বাবেই তেওঁৰ প্ৰতি থলুৱা লোকসকলৰ মনত বিশ্বাস গঢ় লৈ উঠিছিল । ১২৬৮ খ্ৰীষ্টাব্দত ৮২ বছৰ বয়সত চুকাফাৰ মৃত্যু হয় । অৱশ্যে আমৃত্যু পৰ্যন্ত তেওঁ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছিল । আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি তেওঁ ৪০ বছৰ শাসন কৰিছিল ।

চুকাফাৰ ৰাজনৈতিক প্ৰমূল্যবোধত আছিল সু-শাসন আৰু জনসাধৰণৰ প্ৰতি দায়িত্ববোধৰ প্ৰতিফলন । তেওঁৰ দিনত কৃষিৰ প্ৰণালী, থলুৱা কৃষ্টি-সংস্কৃতিক উৎসাহিত কৰা, ভালবোৰ গ্ৰহণ কৰিব পৰা দক্ষতা আৰু উদাৰতা আজি ৰাজনৈতিক দৃষ্টিকোণেৰেও গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে ।

অৱশ্যে আমি চুকাফাৰ নীতি-আদৰ্শক যেনেদৰে আগবঢ়াই নিব লাগিছিল, তাত বাৰুকৈয়ে বিফল হৈছোঁ । আনকি চুকাফাৰ কৰ্ম-আদৰ্শক প্ৰচাৰ তথা প্ৰসাৰতো চূড়ান্তভাৱে ব্যৰ্থ হৈছোঁ । আজি বিশ্ব দৰবাৰত নালাগে ৰাষ্ট্ৰীয় পৰ্যায়তো চুকাফাই যেনেদৰে প্ৰচাৰ পাব লাগিছিল তেনেদৰে পোৱা নাই । তাৰবাবেও আমিয়েই দায়ী ।

অসমীয়া জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি চুকাফাই যি সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰিছিল, সেয়া আমি বহন কৰাত বিফল হৈছোঁ । পৰিতাপৰ বিষয়ে যে অসমীয়া জাতিৰ খনিকৰজনৰ সমাধিস্থলটোৱই আজিলৈকে কোনো চৰকাৰে উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা হাতত নল'লে । আশা ৰাখিছোঁ চৰকাৰে এইক্ষেত্ৰত চকু-কাণ দিব । সৰ্বকালৰে অন্যতম শ্ৰেষ্ঠ অসমীয়া জনক আজিৰ এই অসম দিৱসত আমিও শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।

লগতে পঢ়ক :DU Ragging case: ৰেগিংকাণ্ডৰ পলাতক কল্যাণ দত্তৰ চাঞ্চল্যকৰ ফেচবুক লাইভ

ABOUT THE AUTHOR

...view details