গুৱাহাটী, 2 আগষ্টঃ মহানগৰীত পাষাণ পিতৃৰ জঘন্য কাণ্ড । কেৱল টকাৰ বাবে পত্নীৰ অজ্ঞাতে বিক্ৰী কৰিলে নিজ সন্তানক ৷ কেইদিনমান পূৰ্বে গোৱালপাৰা এহাল দম্পত্তিয়ে যমজ সন্তান বিক্ৰী কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে । উল্লেখযোগ্য যে,এইবাৰ মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এই ঘটনা । তথ্য অনুসৰি, ৰফিকুল ইছলাম নামৰ লোকজনে,পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি আশা কৰ্মী ৰেজিনা বেগম আৰু পূৰ্ণিমা নেৱাৰ নামৰ মহিলা দুগৰাকীৰ লগত মিলি জ্যোতিনগৰৰ ৰামু প্ৰধান আৰু দিপালী প্ৰধানৰ হাতত ৮০ হাজাৰ টকাত বিক্ৰী কৰিছিল নিজৰ ছয়মহীয়া কন্যাক। তাৰ পিছত পত্নীক অচেতন অৱস্থাত নি পেলাই দিছিল গোৱালপাৰাৰ কাবাইটাৰীত আৰু কন্যাক বিক্ৰী কৰা দিনৰ পৰাই আত্মগোপন কৰি আছিল ৰফিকুল ইছলামে ।ঘটনা সন্দৰ্ভত কণমানিটিৰ মাতৃয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জ্যোতিনগৰৰ পৰা আটক কৰে ৰামু প্ৰধান আৰু দিপালী প্ৰধানক আৰু উদ্ধাৰ কৰে ছয়মহীয়া কন্যা সন্তানটিক৷
মহানগৰীত পুনৰ শিশু বিক্ৰীৰ ঘটনা, চাৰিজনক গ্ৰেপ্তাৰ - jalukbari
মহানগৰীত পাষাণ পিতৃৰ জঘন্য কাণ্ড ৷ পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি ৮০ হাজাৰ টকাত বিক্ৰী কৰিলে নিজৰ ছয়মহীয়া কন্যাক।
মহানগৰীত পুনৰ শিশু বিক্ৰীৰ ঘটনা, চাৰিজনক গ্ৰেপ্তাৰ
উল্লেখযোগ্য যে ঘটনাৰ লগত জড়িত আশা কৰ্মী ৰেজিনা বেগম আৰু পূৰ্ণিমা নেৱাৰক জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে পাষাণ পিতৃ ৰফিকুল ইছলাম । সঘনাই ঘটিবলৈ লোৱা এনেধৰণৰ ঘটনা সমূহ ৰোধ কৰিবলৈ হ'লে আৰক্ষীৰ ভূমিকা হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ ৷
Last Updated : Aug 2, 2019, 8:08 PM IST