দ্বিতীয়বাৰৰ বাবে অৰুণাচলৰ বাঘজৰী পেমা খাণ্ডুৰ হাতত - assam news
সোমবাৰে অৰুণাচলৰ ৰাজধানীস্থিত বেংকট হলত বিজেপিৰ বিধায়নী দলৰ এক বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকতে নৱ নিৰ্বাচিত দলীয় বিধায়ক 41 গৰাকীৰ উপস্থিতিত বিধায়নী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে পেমা খাণ্ডুক
গুৱাহাটী,27 মে': নিৰ্বাচন কৰা হ'ল অৰুণাচলৰ বিধায়নী দলৰ নেতা ৷ পেমা খাণ্ডুক নিৰ্বাচিত কৰা হ'ল বিধায়নী দলৰ নেতা হিচাপে ৷ সোমবাৰে অৰুণাচলৰ ৰাজধানীস্থিত বেংকট হলত বিজেপিৰ বিধায়নী দলৰ এক বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকতে নৱ নিৰ্বাচিত দলীয় বিধায়ক 41 গৰাকীৰ উপস্থিতিত বিধায়নী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে পেমা খাণ্ডুক ৷ আনহাতে, বৈঠকত ৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ ৰূপত উপস্থিত থাকে জেপি নাদ্দা, বিজেপি সাধাৰণ সম্পাদক ৰাম মাধৱ,অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আন বহুকেইজন নেতা ৷ উল্লেখ্য যে, অৰুণাচলত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ লোকসভা নিৰ্বাচনত বিজেপিয়ে দুয়োখন আসন লাভ কৰাৰ উপৰিও বিধানসাভৰ 60 খন আসনৰ ভিতৰত মুঠ 41 খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ৷ আনহাতে,আগন্তুক 29 মে'ত শপত গ্ৰহণ কৰিব খাণ্ডু মন্ত্ৰী সভাৰ লগতে বিধাসভাত নিৰ্বাচিত প্ৰাৰ্থীসকলে ৷