অসম

assam

ETV Bharat / state

বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ - আধুনিক চিত্ৰশিল্প

গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয় বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ। তেখেতক শেষ বিদায় জনাবলৈ শ্মশানত ভিৰ কৰে অজস্ৰ গুণমুগ্ধই।

বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

By

Published : May 29, 2019, 11:20 PM IST

Updated : May 29, 2019, 11:55 PM IST

গুৱাহাটী, 29 মে’: বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু নাই । বুধবাৰে কাহিলীপাৰাৰ নিজা বাসভৱনত মৃত্যু হয় বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট শিল্পীগৰাকীৰ ৮০বছৰ বয়সত দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয় বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ। তেখেতক শেষ বিদায় জনাবলৈ অজস্ৰ গুণমুগ্ধই ভিৰ কৰে শ্মশানত ।

বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

লগতে পঢ়ক: জীৱনৰ 30 বছৰ উচৰ্গা কৰি বিদেশীৰ আখ্যা

আধুনিক চিত্ৰশিল্পত বিশেষ অৱদান আছে শিল্পীগৰাকীৰ। ৰঙ তুলিকাই জীৱনৰ মূল সম্পদ আছিল বেণু মিশ্ৰৰ বাবে। তেখেতৰ বিভিন্ন সৃষ্টিৰাজিক সংৰক্ষণ কৰি ৰাখিবলৈ চৰকাৰলৈ আহ্বান বিভিন্নজনৰ। অসমৰ চিত্ৰজগতৰ বাবে বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ মৃত্যুৱে অপূৰণীয় ক্ষতি । শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Last Updated : May 29, 2019, 11:55 PM IST

ABOUT THE AUTHOR

...view details