গুৱাহাটী, 12 ফেব্ৰুৱাৰী :হস্তী মানুহৰ সংঘাতত এইবাৰ অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী সেনা জোৱানে (Men elephant conflict) ৷ ৰাজ্য চৰকাৰৰ বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । খাদ্য তথা উপযুক্ত বিচৰণ ভূমিৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ফলত বন্যহস্তীৰ আক্ৰমণত অকাল মৃত্যুক সাৱটিব লগীয়া হৈছে ৰাজ্যখনৰ বহু লোকে ।
11 ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰৰ নিশা নাৰেঙ্গী সেনা শিবিৰৰ এগৰাকী সেনা জোৱানৰ কৰ্তব্যৰত অৱস্থাতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় (Satgaon army camp) ৷ নাৰেঙ্গী সেনা শিবিৰৰ পাব্লিক স্কুলৰ সন্মুখত কৰ্তব্যৰত অৱস্থাত আছিল সেনা জোৱানগৰাকী । মৃত সেনা জোৱানজন ডিমাপুৰ অঞ্চলৰ খামলীয়ং খাপ (52) বুলি সাতগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে । জানিব পৰা মতে মৃত সেনা জোৱানজন শনিবাৰে সন্ধিয়া নাৰেঙ্গী সেনা শিবিৰৰ এটা অংশত নিজৰ কৰ্তব্য সমাপন কৰি আছিল (Army soldier killed in wild elephant attack) ।
তেনে সময়ত সন্ধিয়াৰ ভাগত আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে এটা বন্যহস্তী । বন্যহস্তীটোক দেখাৰ লগে লগে জোৱানজনে উক্ত স্থান এৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে বন্যহস্তীটোৱে অতৰ্কিতে আক্ৰমণ চলায় । বন্যহস্তীটোৱে সেনা জোৱানজনক শুৰেৰে মাটিত দলিয়াই দিয়ে । এই দৃশ্য প্ৰত্যক্ষ কৰি ওচৰত থকা আন কেইবাজনো সেনা জোৱানে দৌৰি আহি হাতীটোৰ আক্ৰমণৰ পৰা সেনা জোৱানজনক উদ্ধাৰৰ বাবে চেষ্টা চলায় ।