অসম

assam

ETV Bharat / state

NRC-ত এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ ব্যৱহাৰৰ অভিযোগ ! - NRC কামকাজৰ বাবে নিযুক্তি

'১৬০০ কোটি টকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত অপব্যয় কৰিছে হাজেলাই ৷ NRC কামকাজৰ বাবে নিযুক্তি দিয়া হৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক ৷ এই বিষয়াসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ক্ষেত্ৰতো দুৰ্নীতি হোৱাৰ তথ্য উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই ৷

গুৱাহাটী
NRC ত ব্যৱহাৰ হৈছিল এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ !

By

Published : Nov 28, 2019, 7:51 PM IST

গুৱাহাটী, 28 নৱেম্বৰ :প্ৰাক্তন NRC সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ বৃহস্পতিবাৰে অসম পাব্লিক ওৱৰ্কছে গুৱাহাটীৰ গড়চুকস্থিত CBI কাৰ্যালয়ত দাখিল কৰিলে এজাহাৰ ৷ এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা বার্তালপত কয়, '১৬০০ কোটি টকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত অপব্যয় কৰিছে হাজেলাই ৷ NRC কামকাজৰ বাবে নিযুক্তি দিয়া হৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক ৷ এই বিষয়াসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ক্ষেত্ৰতো দুৰ্নীতি হোৱাৰ তথ্য উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি গৰাকীয়ে ।

NRC ত ব্যৱহাৰ হৈছিল এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ !


তাৰোপৰি NRC কাম কাজৰ বাবে ক্ৰয় কৰা হৈছিল ১০ হাজাৰ লেপটপ ৷ ইয়াৰে এটা লেপটপ ৪৪০০০ টকাত ক্ৰয় কৰা বুলি প্ৰতীক হাজেলাই দেখুৱাইছিল যদিও ইয়াৰ বজাৰ মূল্য ২২,৫০০ টকা ৷ আনহাতে, ১১০০০ ইলেকট্ৰিক জেনেৰেটৰ বজাৰ মূল্যতকৈ অধিক দামত ক্ৰয় কৰা বুলি দেখুৱাই প্ৰতীক হাজেলাই ৷ যাৰ বাবে এই সকলো অভিযোগ সামৰি CBI ত গোচৰ দাখিল কৰিছে সংগঠনটোৱে ।

ইয়াৰ লগতে শৰ্মাই কয়, 'মিনিস্ত্ৰী অফ ল', ৰেজিষ্টাৰ্ড ইন জেনেৰেলক অৱগত নকৰাকৈ হাজেলাই বে-আইনীভাৱে প্ৰাইভেট কাউঞ্চিলক নিযুক্তি দিছিল । NRC ৰ কাম-কাজৰ বাবে পাঁচটা ছফ্টৱেৰ কোম্পানীক দায়িত্ব দিয়া হৈছিল যদিও এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ বনোৱাৰ তথ্য লাভ কৰিছে সংগঠনটোৱে । NRC ৰ চূড়ান্ত তালিকাত বহু জেহাদী, বাংলাদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে । যাৰ বাবে সমগ্ৰ ঘটনাৰ ওপৰত অনাগত দিনত মুঠ পাঁচটাকৈ এজাহাৰ দাখিল কৰিব এ পি ডব্লিউৱে ।

এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই আগন্তুক দিনত নিয়া (N I A) ক ধৰি আন আন বিভাগত মুঠ পাঁচটাকৈ এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে ।

আৰু পঢ়কঃ এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

ABOUT THE AUTHOR

...view details