গুৱাহাটী, 6 জানুৱাৰীঃ বিজেপিয়ে বাক স্বাধীনতা হৰণ, গ্ৰেপ্তাৰ দ্বাৰা গণ আন্দোলন দমন কৰিব বিচাৰিছে । দেওবাৰে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত তেওঁ লগতে কয় যে, কা বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল অৱলম্বন কৰি কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।
হিমন্ত বিশ্ব, মৃনাল শইকীয়া, শিলাদিত্যদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুওৱাক : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য
ৰাজীৱ ভৱনত দেওবাৰে কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল ৷ বিধানসভাৰ মজিয়াত জয় বাংলাদেশ কোৱাটো আইনৰ দৃষ্টিত অপৰাধ নহয় নেকি বুলি প্ৰশ্ন ভট্টাচাৰ্য্যৰ ৷
কা বিৰোধী প্ৰতিবাদী সংগ্ৰামত জড়িত থকা একাংশ কংগ্ৰেছ দলৰ কৰ্মী সকলক নিৰ্দিষ্টকৈ লক্ষ্য কৰি বিভিন্ন গোচৰ জাপি জেললৈ প্ৰেৰণ কৰা হৈছে । বিজিপিয়ে এতিয়া বাক স্বাধীনতা হৰণ আৰু গ্ৰেপ্তাৰৰ দ্বাৰা গণ আন্দোলন দমন কৰিব বিচাৰিছে ।
ইপিনে কংগ্ৰেছৰ মুখ্যপাত্ৰগৰাকীয়ে ৰাজ্যৰ আৰক্ষীক বৈষম্যমূলক কামৰ পৰা আঁতৰি থাকিবলৈকে আহ্বান জনায় । সাহস আছে যদি উচটনি দিয়া বিধায়ক মৃনাল শইকীয়া, শিলাদিত্যদেৱৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি দেখুওৱাক বুলি মন্তব্য কৰে । বিধানসভাৰ মজিয়াত জয় বাংলাদেশ কোৱাটো আইনৰ দৃষ্টিত অপৰাধ নহয় নেকি বুলি প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভট্টচাৰ্য্যই ।