গুৱাহাটী , ২৭ ডিচেম্বৰ :শেহতীয়াকৈ ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ১৩৫ টা পদৰ ফলাফল । এই ফলাফলত ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদে (SLAC) প্ৰশিক্ষণ প্ৰদান কৰা ছাত্ৰ ছাত্ৰীসকলে চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয় । ২০১৮ বৰ্ষত পৰিষদে প্ৰশিক্ষণ দিয়া ১৪০ গৰাকীৰ ভিতৰত ৪৫ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হয় ।
উল্লেখ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশত সদস্য সচিব লক্ষ্য কোঁৱৰে ২০১৭ চনৰ পৰাই এই শিক্ষাৰ বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে ৰাজ্যত ৷ ২০১৭ চনত এই প্ৰশিক্ষণ লাভ কৰা ৩৪ জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল । ক্ৰমাগতভাৱে উপদেষ্টা পৰিষদে তৃতীয়বাৰৰ বাবে আৰম্ভ কৰা এইবাৰৰ প্ৰশিক্ষণত প্ৰায় ১০০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ।