অসম

assam

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

By

Published : Feb 8, 2021, 7:08 PM IST

Updated : Feb 8, 2021, 7:26 PM IST

নিযুক্তি দিয়া হ'ল অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ । ৰাজীৱ কুমাৰ বৰাক নিযুক্ত কৰা হৈছে এই পদত ।

ৰাজীৱ কুমাৰ বৰা অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ
ৰাজীৱ কুমাৰ বৰা অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ

গুৱাহাটী,৮ ফেব্ৰুৱাৰী: অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰাজীৱ কুমাৰ বৰাক সোমবাৰে ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে । অসম মেঘালয় কেডাৰৰ এইগৰাকী আই এ এছ বিষয়াই সুদীৰ্ঘকাল ৰাজ্য প্ৰশাসনৰ গুৰু দায়িত্ব পালন কৰি আহিছিল । ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল এইগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই ।

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

উল্লেখযোগ্য যে, পূৰ্বৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই অৱসৰ গ্ৰহণ কৰাৰ পিছত চৰকাৰে তাৎক্ষণিকভাৱে অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছিল আয়োগৰ সদস্য ডঃ অজন্তা নাথক । ইতিমধ্যে তেওঁৰো কাৰ্যকাল শেষ হোৱাত সোমবাৰে নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় ৰাজীৱ কুমাৰ বৰাক ।

লগতে পঢ়ক: মহিলা নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সাংবাদিক

Last Updated : Feb 8, 2021, 7:26 PM IST

ABOUT THE AUTHOR

...view details