গুৱাহাটী,8 অক্টোবৰ : বুধবাৰে বিয়লি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইয়াৰে এটা অন্যতম সিদ্ধান্ত আছিল ৷ এতিয়াৰে পৰা আৰু কোনো বিভাগৰ নিযুক্তিৰ পৰীক্ষা পাতিবলৈ কোনো ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰে দায়িত্ব নিদিয়ে । ইয়াৰ বিপৰীতে বিভিন্ন বিশ্ববিদ্যালয়ক বিভাগসমূহৰ পৰীক্ষা পাতিবলৈ দায়িত্ব দিয়া হ’ব নাইবা সংশ্লিষ্ট বিভাগে নিজাকৈ অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা । শেহতীয়াকৈ আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ বাবেই চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷
কোন কোন বিশ্ববিদ্যালয়ে পাতিব কি কি বিভাগৰ নিযুক্তি পৰীক্ষা ?
এতিয়াৰে পৰা আৰু কোনো বিভাগৰ নিযুক্তিৰ পৰীক্ষা পাতিবলৈ কোনো ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰে দায়িত্ব নিদিয়ে । ইয়াৰ বিপৰীতে বিভিন্ন বিশ্ববিদ্যালয়ক বিভাগসমূহৰ পৰীক্ষা পাতিবলৈ দায়িত্ব দিয়া হ’ব নাইবা সংশ্লিষ্ট বিভাগে নিজাকৈ অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা । বুধবাৰে কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷
বুধবাৰে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ইটিভি ভাৰতৰ হাতত আহি পৰিছে এক আছুতীয়া তথ্য । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক কৰ্তৃত্বশীল সূত্ৰই ইটিভি ভাৰতৰ আগত সদৰী কৰিছে এই খবৰ । কোনখন বিশ্ববিদ্যালয়ক কি কি বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰে দায়িত্ব দিবলৈ সিদ্ধান্ত লৈছে সেই খবৰ আহি পৰিছে ই টিভি ভাৰতৰ হাতত । সেই অনুসৰি শিলচৰৰ অসম বিশ্ববিদ্যালয়ক ন্যস্ত কৰা হ’ব সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগত খালী হৈ থকা পদ পূৰণৰ পৰীক্ষা পতাৰ দায়িত্ব । একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ক দায়িত্ব দিয়া হ’ব বন আৰু পৰিৱেশ, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, আবকাৰী আৰু পৰিবহণ বিভাগৰ পৰীক্ষাৰ । অনুৰূপভাৱে আৰক্ষী, গৃহৰক্ষী, কাৰাগাৰ, শ্ৰম, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । জলসিঞ্চন বিভাগত খালী হৈ থকা পদ পূৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ক দায়িত্ব দিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও আৰু কেইবাটাও বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব ভগাই দিয়া হ’ব বিভিন্ন বিশ্ববিদ্যালয়ক ।
লগতে চাওকঃশিৱসাগৰ আৰক্ষীৰ জালত চিলনী চোৰৰ দল
TAGGED:
কেবিনেট