অসম

assam

By

Published : Feb 24, 2022, 8:58 PM IST

ETV Bharat / state

Housing Flat Controversy: হাউচিঙৰ ফ্লেট বিতৰ্কক লৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ

হাউচিঙৰ ফ্লেট বিতৰ্কৰ (Housing Flat Controversy) নতুন মোৰ ৷ মন্ত্রী হৈ থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কাক কাক হাউচিঙৰ ঘৰ দিয়াৰ বাবে লিখি দিছিল । প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তই (APCC reaction on Housing Flat controversy) ।

apcc-reaction-on-housing-flat-controversy
হাউচিঙৰ ফ্লেট বিতৰ্ক

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : ক্ৰমাৎ তুংগত উঠিছে হাউচিঙৰ ফ্লেটক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত আৰম্ভ হোৱা বিতৰ্ক (Housing Flat Controversy) ৷ উল্লেখ্য যে, বিগত সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিবাৰে চাকৰি কৰাৰ পাছতো সুদীৰ্ঘ সময় হাউচিঙৰ ফ্লেট দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এই অভিযোগ খণ্ডন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছিল যদিও মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে সংবাদমেলৰ জৰিয়তে বিষয়টো সন্দৰ্ভত ভূপেন বৰা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে ৷ যাৰ প্ৰত্যুত্তৰো দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তৰ সংবাদমেল

বিশেষকৈ হাউচিঙৰ ফ্লেটক লৈ চলি থকা বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় (APCC reaction on Housing Flat controversy) ৷ উল্লেখ্য যে, ভূপেন বৰাৰ পৰিবাৰে হাউচিঙৰ ফ্লেটটো বিগত বৰ্ষৰ ডিচেম্বৰত সংশ্লিষ্ট কৰ্তৃপক্ষক চমজাই দিয়াৰ পাছত ফ্লেটটো ৰবীন শইকীয়া নামৰ লোকজনক দিব লাগে বুলি কৰ্তৃপক্ষলৈ আবেদন কৰিছিল ৷ যাক লৈ সংবাদমেলযোগে সৰৱ হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপন কৰে ৷

হাউচিঙৰ ফ্লেট বিতৰ্কক লৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ

ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মহন্তই ভূপেন বৰাৰ পত্নীয়ে নিবনুৱা এজনক ঘৰ এটা দিবলৈ কোৱাটো অপৰাধ নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত মন্ত্ৰী হৈ থকাৰ সময়ত আত্মীয় বহু লোকক হাউচিঙৰ ঘৰ দিয়াৰ বাবে চিঠি লিখি দিছিল বুলি মহন্তই দাবী কৰে ৷

২০০৪ চনৰ ২৫ মে'ৰ লিখা এখন চিঠিত হিমন্ত বিশ্ব শৰ্মাই কুন্তলমণি শৰ্মা বৰদলৈক ঘৰ দিয়াৰ কথা কৈছিল ৷ কুন্তলমণি শৰ্মা বৰদলৈ ডিষ্ট্ৰিক ইণ্ডাষ্ট্ৰীজ এণ্ড কমাৰ্চৰ সহকাৰী প্ৰৱন্ধক ৷ এজন চাকৰি কৰি থকা লোকক হাউচিঙৰ ঘৰ দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাই হাউচিং বোৰ্ডলৈ লিখি দিছিল ৷ ইয়াৰ পাছত ২০০৪ চনৰ ৯ ফেব্ৰুৱাৰীত মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাই হৰকান্ত কলিতা, মহম্মদ আনচেৰ আলী আৰু মহম্মদ ছাহজাহান আলীক ঘৰ দিয়াৰ বাবে লিখি দিছিল ৷ ইয়াৰে দুজন তেওঁৰ ঘৰত থকা লোক ৷

মন্ত্ৰী হৈ নিজৰ মানুহক ঘৰ দিব লাগে বুলি লিখি দিয়াটো ডাঙৰ অপৰাধ বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে, স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আয়ুৰ্বেদিক কলেজৰ অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতাক ঘৰ দিব লাগে বুলি লিখি দিছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোনো ধোঁৱা তুলসীৰ পাত নহয় বুলি মহন্তই উল্লেখ কৰে ৷ তেওঁ কয় যে, আমি ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰিব নিবিচাৰো যদিও তেওঁলোকে আমাক বাধ্য কৰাইছে ৷

লগতে চাওক:কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

ABOUT THE AUTHOR

...view details