গুৱাহাটী,২৩ জানুৱাৰী :নগাঁৱৰ ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া । ছাত্ৰনেতা কীৰ্তি কমল বৰাক অৰক্ষীয়ে গুলিওৱা ঘটনাক তীব্ৰ গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছে (APCC condemns Nagaon incident)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে আমি পূৰ্বতেই কৈছিলো যে অসমৰ মুখ্যমন্ত্রীয়ে মৃত্যুদণ্ড ঘোষণা কৰিব পাৰে ।
তেওঁ লগতে কয়, ''অসমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 'extra judicial killing' আৰম্ভ হৈছে (Extra judicial killing in Assam) । কাৰণ মুখ্যমন্ত্রীয়ে নিজে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁ আৰক্ষীক এনকাউণ্টাৰৰ বাবে নিৰ্দেশ দিছে ।'' ইয়াৰোপৰি সভাপতি বৰাই কয় যে, কিছুদিন পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানক মুখ্যমন্ত্রীৰ এনকাউণ্টাৰৰ নিৰ্দেশ দিয়াৰ ক্ষমতা আছে নে নাই বুলি সোধাত তেওঁ ন' কমেণ্ট বুলি কৈছিল ।
অসমত আৰম্ভ হোৱা extra judicial killingৰ স্বৰূপ এয়া বুলি উল্লেখ কৰি তেওঁ কয় যে আজি আমি দেখিলো মাতাল আৰক্ষীয়ে এজন নিৰীহ ছাত্র নেতাক গুলীয়াই ড্ৰাগছ মাফিয়া সজাব চেষ্টা কৰিছে । এই বিষয়টো অতি চিন্তনীয় । এই কাৰ্য বন্ধ নহ'লে ঘৰৰ পদূলিত হত্যালীলা সংঘটিত হ'ব বুলি তেওঁ কয় ।