অসম

assam

ETV Bharat / state

Bhupen Bora criticized Assam CM: মুখ্যমন্ত্ৰীক বিধায়ক কিনা-বেচাৰ দালাল আখ্যা ভূপেন বৰাৰ - Bhupen Bora criticized Assam CM

মুখ্যমন্ত্ৰীৰ চকীখনকহে সন্মান কৰে ভূপেন বৰাই ৷ আসনখনত বহি থকা হিমন্ত বিশ্ব শৰ্মাক সন্মান নকৰে (Bhupen Bora criticized Assam CM) ৷ ভাগিনক বুলেটৰ নামত দিলে আঠুৰ তলত বুলেট গুলী দিয়া বুলি কৈ হিমন্ত বিশ্ব শৰ্মাক বিধায়ক কিনা-বেচা কৰাৰ দালাল আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Bhupen Kumar Borah criticizes cm Himanta Biswa Sarma) ৷

Bhupen Bora condemns CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীক বিধায়ক কিনা-বেচাৰ দালাল আখ্যা ভূপেন বৰাৰ

By

Published : Jan 25, 2022, 8:52 PM IST

গুৱাহাটী, ২৫ জানুৱাৰীঃ ৰাজ্যসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ । মঙলবাৰে ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থ আৰু ৰাণা গোস্বামীকে ধৰি কেইবাজনো নেতা ।

ৰাজ্যসভাৰ প্ৰাৰ্থী সন্দৰ্ভত বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । বৈঠকত সভাপতি বৰাই ৰাজ্যসভাত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰে । ইফালে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছে এখন কমিটি গঠন কৰি দিছে । প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত কমিটিয়ে সিদ্ধান্ত লৈ প্ৰতিবেদন দিব সভাপতিক । সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিল্লীত প্ৰাৰ্থীত্ব দিয়া সন্দৰ্ভত আলোচনা হ’ব আৰু চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব । দেৱব্ৰত শইকীয়াক অধ্যক্ষ, ৰকিবুল হুছেইনক উপাধ্যক্ষ, ৰাণা গোস্বামীক আহ্বায়ক, ৱাজেদ আলী চৌধুৰী, জাকিৰ হুচেইন সিকদাৰ, ভৰত নৰহ আৰু কমলাক্ষ দে পুৰকায়স্থক সদস্য হিচাপে লৈ কমিটিখন গঠন কৰা হৈছে । সকলো বিধায়কৰ সৈতে প্ৰাৰ্থীত্বৰ সন্দৰ্ভত আলোচনা কৰিব কমিটিখনে ।

ইফালে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি সভাপতি বৰাই মুখ্যমন্ত্ৰীক বিধায়ক কিনা-বেচা কৰাৰ দালাল আখ্যা দিয়ে (Bhupen Bora criticized Assam CM) । মাটিৰ দালাল, থানাৰ দালাল যদি দালাল হ'ব পাৰে বিধায়ক কিনা-বেচা কৰাসকল কিয় দালাল নহ'ব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । বিধায়ক কিনা-বেচা কৰাসকলকো আঠুৰ তলত গুলীয়াব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভূপেন বৰাই ।

তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে এনকাউন্টাৰৰ উৎসৱ পাতিছে । মুখ্যমন্ত্ৰীৰ চকীত এজন বেয়া মানুহ বহিছে, চকীখনক সন্মান কৰো যদিও হিমন্ত বিশ্ব শৰ্মাক নকৰো বুলি কয় ভূপেন বৰাই । মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে, মামা বুলি সম্বোধন কৰা ভাগিনক বুলেটৰ নামত দিলে আঠুৰ তলত বুলেট গুলী (Bhupen Kumar Borah criticizes cm Himanta Biswa Sarma)।

ঠেঙাল কছাৰী নিৰ্বাচনত কংগ্ৰেছ নোহোৱা হৈ যাব বুলি ভাবিছিল বিজেপিয়ে । আমি বহু আসনত কম সংখ্যক ভোটত হাৰিছো বুলি কয় ভূপেন বৰাই । লগতে তেওঁ কয় যে, দুবাৰকৈ বিধায়ক হোৱা লোকক বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত টিকট দিছে ।

লগতে পঢ়ক:Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details