গুৱাহাটী, ২১ ডিচেম্বৰ :কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ টিকটবিলাকৰ ক্ষেত্ৰত তিনি নম্বৰ টেবুলৰ কথা কয় ? এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । লোকসভা নিৰ্বাচনৰ টিকটক লৈ কংগ্ৰেছ দলত দেখা দিয়া সংঘাত সন্দৰ্ভত বৃহস্পতিবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিৰ সংঘাতৰ কথা সদৰী কৰে ।
ভূপেন বৰাই কয় যে, টিকটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাইবা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা কয় । প্ৰধানমন্ত্ৰী বিজেপিৰ এক নম্বৰ নেতা আৰু দ্বিতীয়তে আহে দলৰ ৰাষ্ট্ৰীয় সভাপতি । কিন্তু মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ কথাহে কয় । বিজেপিত সংঘাত আছে বাবেহে মুখ্যমন্ত্ৰীয়ে টিকটৰ বেলিকা প্ৰধানমন্ত্ৰী নাইবা দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিপৰীতে অমিত শ্বাহৰ কথা কয় বুলি তেওঁ সদৰী কৰে ।