অসম

assam

By

Published : Dec 28, 2022, 2:05 PM IST

ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দৃষ্টি ৰাখিবলৈ APCCৰ 12জনীয়া উচ্চস্তৰীয় কমিটী গঠন

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক সূক্ষ্মভাৱে অধ্যয়ন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গঠন কৰিছে এখন 12জনীয়া উচ্চস্তৰীয় কমিটী ৷ কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে কমিটি ৷ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া যদি বিধিগত ভাৱে নহয় তেন্তে তাৰ ন্যায়িক অথবা গণতান্ত্ৰিকভাৱে বিৰোধীতা কৰা হ’ব বুলি মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ ৷

Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দৃষ্টি ৰাখিবলৈ APCCৰ 12জনীয়া উচ্চস্তৰীয় কমিটী গঠন

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দৃষ্টি ৰাখিবলৈ APCCৰ 12জনীয়া উচ্চস্তৰীয় কমিটী গঠন

গুৱাহাটী, 28 ডিচেম্বৰ:নিৰ্বাচনত আয়োগৰ নিৰ্দেশনাৰ(Election Commission of India) পিছতে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Assam Constituency delimitation) বাবে আগ বাঢ়িছে ৰাজ্য চৰকাৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক শাসকীয়া দল বিজেপিয়ে আদৰণি জনোৱাৰ বিপৰীতে 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত হ’ব লগা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধীতা কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই(MLA Debabrata Saika) ৷

ইফালে, ৰাজ্যত লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰতিটো প্ৰক্ৰিয়া সূক্ষ্মভাৱে অধ্যয়ন তথা নিৰীক্ষণ কৰি অসম প্ৰদেশ কংগ্ৰেছক অৱগত কৰিবলৈ সভাপতি ভূপেন কুমাৰ বৰাই(APCC President Bhupen Bora) গঠন কৰিছে 12জনীয়া এখন উচ্চস্তৰীয় কমিটি ৷

কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া এই কমিটীৰ আহ্বায়ক প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন আৰু সমন্বয়ক হ’ল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ । কমিটীৰ অন্যান্য সদস্যসকল হ’ল বিধায়ক ভৰত চন্দ্ৰ নৰহ, সাংসদ আব্দুল খালেক, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক বসন্ত দাস, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শর্মা, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা আৰু প্ৰাক্তন বিধায়ক দুর্গা ভূমিজ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সম্পৰ্কত কয় যে, ‘‘ 2007-08 চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কেৱল কংগ্ৰেছে কৰা নাছিল । সেই সময়ত সকলো ৰাজনৈতিক দল আৰু জাতীয় সংগঠনে বিৰোধিতা কৰিছিল ৷ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(National Register of Citizens) নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব নালাগে বুলি সকলোৰে সৰ্বসন্মত মত আছিল । এতিয়া দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা ঘোষণা কৰিছে ৷ সেয়া নিৰ্দিষ্ট বিধি, নিয়ম, পদ্ধতি আৰু নিৰ্দিষ্ট প্ৰক্ৰিয়ামতে আগবাঢ়িছে নে নাই সেই সম্পৰ্কে তীক্ষ্ন দৃষ্টি ৰাখিবলৈ গঠন কৰা হৈছে এই উচ্চস্তৰীয় সমিতি ৷

ইফালে, যদি নিৰ্ধাৰিত বিধি-বিধান অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আগবাঢ়ে তেন্তে কংগ্ৰেছে তাত সহযোগিতা কৰিব আৰু যদি ক'ৰবাত বিধি-বিধান, নিৰ্ধাৰিত পদ্ধতি তথা প্ৰক্ৰিয়াৰ উলংঘণ কৰা হয় তেন্তে ন্যায়িক বা গণতান্ত্ৰিক সকলো উপায়েৰে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়িতোলা হ’ব বুলিও মন্তব্য কৰে ভূপেন বৰাই ৷

উল্লেখযোগ্য যে ২০০৭-০৮ চনত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হৈ নুঠালৈকে সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া অসমত হ'ব নালাগে বুলি দাবী তোলা প্ৰথম দল-সংগঠন কেইটাই আছিল বি জে পি, অসম গণ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা । সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সকলো ৰাজনৈতিক দল, জাতীয় সংগঠনৰ চিন্তা-চৰ্চাৰ ভিত্তিত এখন শুদ্ধ নাগৰিকপঞ্জী অসমে নোপোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ স্থগিত ৰখাৰ পক্ষত অৱস্থান লৈছিল ৷

লগতে পঢ়ক:Delimitation of Constituency: জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি হ’ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ: বিমল বড়া

ABOUT THE AUTHOR

...view details