অসম

assam

ETV Bharat / state

অন্তিম দিনটোতো এগৰাকী সাংসদে জমা নিদিলে এক লাখ টকাসহ প্ৰ-পত্ৰ - ৰাজীৱ ভৱন

Assam Congress: এক লাখ টকাৰ ড্ৰাফ্টসহ প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন আছিল আজি ৷ কিন্তু জমা নিদিলে এজন সাংসদে ৷ ফলত দিন বৃদ্ধি কৰিবলগীয়া হ’ল অসম কংগ্ৰেছে ৷

Pradyut Bordoloi Gaurav Gogoi
প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 7:38 PM IST

Updated : Dec 19, 2023, 8:22 PM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ: আজিৰ শেষৰটো দিন আছিল ৷ তথাপিও খবৰ নাই দুই প্ৰভাৱশালী নেতাৰ ৷ বাকী সকলোৱেই ৰাজীৱ ভৱনলৈ যোৱাৰ বাটৰ দুবৰি মাৰিছে যদিও প্ৰভাৱশালী সাংসদ গৌৰৱ গগৈ শেষৰ দিনটোতো ৰাজীৱ ভৱনলৈ নাহিল ৷

2024ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে অসম কংগ্ৰেছৰ প্ৰ-পত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ অন্তিম দিন হিচাবে নিৰ্ধাৰণ কৰা হৈছিল আজিৰ দিনটো ৷ অন্তিম দিনটোলৈকে টিকট প্ৰত্যাশীসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক লাখ টকাৰ ড্ৰাফ্টসহ প্ৰ-পত্ৰ জমা দিয়ে ৷ কিন্তু বহুচৰ্চিত নগাঁও লোকসভা সমষ্টিৰ বাবে কেৱল ৰকিবুল হুছেইনেহে আজি প্ৰ-পত্ৰ জমা দিয়াৰ পাছতে চৰ্চা হৈছিল প্ৰদ্যুৎ বৰদলৈক লৈ ৷

অন্তিম দিনটোৰ প্ৰায় শেষলৈকে নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰ-প্ৰত্ৰ সংগ্ৰহ অথবা জমা দিয়া দেখা পোৱা নগৈছিল ৷ অৱশ্যে অৱশেষত সাংসদগৰাকীয়ে জমা দিয়ে ৷ বিপৰীতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰ-প্ৰত্ৰ সংগ্ৰহ অথবা জমা দিয়া দেখা নগ’ল ৷ সংসদৰ শীতকালিন অধিৱেশন চলি থকাৰ পৰিপ্ৰেক্ষিত্ৰত সাংসদ দুগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰ-প্ৰত্ৰ জমা দিয়াত হীন-ডেঢ়ি হোৱা বুলি জানিব পৰা গৈছে ৷

দুগৰাকীকৈ সাংসদে লোকসভা নিৰ্বাচনৰ টিকটৰ বাবে প্ৰ-পত্ৰ জমা দিয়াত পলম হোৱাৰ ফলত প্ৰদেশ কংগ্ৰেছে তিনিদিন বৃদ্ধি কৰিবলগীয়া হ’ল প্ৰ-প্ৰত্ৰ জমা দিয়াৰ দিন ৷

আনহাতে অন্তিম দিনটোত শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা প্ৰাক্তন আছু নেতা, অগপৰ প্ৰাক্তন মুখপাত্ৰ তথা বিপিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱেও টিকটৰ বাবে প্ৰ-প্ৰত্ৰ জমা দিয়ে ৷

প্ৰ-পত্ৰ জমা দিয়াৰ পিছত জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিচালিত প্ৰবীণ বড়োৱে ফোনযোগে ইটিভি ভাৰতক কয় যে, এগৰাকী খিলঞ্জীয়া হিচাবে তেওঁ এটা অসংৰক্ষিত সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ আশা প্ৰকাশ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থকা অৱস্থাত তেওঁৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগত সুসম্পৰ্ক গঢ়ি উঠিছিল বুলি মন্তব্য কৰি কয় যে সেই সময়ত ৰাইজে যিদৰে মৰম-চেনেহ যাঁচিছিল ৰাজনৈতিক ক্ষেত্ৰখনতো যাতে ৰাইজে তেনেদৰেই আদৰি লয় সেয়া আশা কৰে ৷

দৰং-ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ আশা প্ৰকাশ কৰা প্ৰবীণ বড়োৱে কয় যে বিপিএফৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাত বিটিচিৰ 6 টা বিধানসভা সমষ্টিতে তেওঁৰ নেটৱৰ্ক খুউব ভাল আছিল ৷ সেই দিশৰ পৰা সেই অঞ্চলৰ সহায়-সহযোগিতা লাভ কৰিব বুলি প্ৰবীণ বড়ো আশাবাদী ৷

টিকট প্ৰদান কৰা-নকৰা স্বাভাৱিকতেই দলৰ বিচাৰ্য বিষয় বুলি উল্লেখ কৰি জাতীয় চেতনাৰে উদ্বুদ্ধ নেতাগৰাকীয়ে কয় যে, জাতীয়তাবাদী চিন্তাধাৰাৰেই তেওঁ আগবাঢ়িব ৷

লগতে পঢ়ক:পীযুষ হাজৰীকাৰ মতে কাজিৰঙাত বিজেপি মিত্ৰজোঁট জিকিব

Last Updated : Dec 19, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details