গুৱাহাটী,২০ মে' : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি আই ডিৰ পৰা চি বি আইলৈ হস্তান্তৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে (Mira Borthakur react on Junmoni Rabha case to CBI) । নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, অসম আৰক্ষীয়ে নিজৰ বিভাগৰ এগৰাকী বিষয়াৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ অপাৰগ (Junmoni Rabha mysterious death) ।
অসম আৰক্ষী কেৱল এনকাউন্টাৰ আৰু বুলডজাৰ চলোৱাতহে পাকৈত নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে গভীৰ নিশা এক ভয়াৱহ পথ দুৰ্ঘটনাত মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যু হৈছিল (Jonmani Rabha Death Case) ।
বিষয়াগৰাকীৰ মৃত্যুৰ ঘটনাৰ পিচতেই এটাৰ পাচত আন এটা ৰহস্য উদঘাটন হোৱাৰ লগতে সমগ্ৰ ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে । চৰকাৰে ঘটনাৰ চি আই ডি তদন্ত দিছিল যদিও বিভিন্ন দল-সংগঠন আৰু পৰিয়ালৰ লোকে চি বি আইৰ তদন্ত দাবী কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চি বি আইৰ তদন্ত ঘোষণা কৰে (Junmoni Rabha case to CBI) ।