অসম

assam

Discrimination in flood relief distribution: বান সাহাৰ্য বিতৰণত চৰম বৈষম্যৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

By

Published : May 23, 2022, 5:55 PM IST

স্বাস্থ্য সেৱা, স্বাস্থ্যসন্মত শৌচ-প্ৰস্ৰাৱৰ ব্যৱস্থা নাই প্ৰায়বোৰ আশ্ৰয় । শিশুৰ বাবে শিৱিৰত খাদ্যৰো যোগান নাই । সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে মৰিগাঁও, নগাঁও, হোজাই, মঙলদৈ, নলবাৰী, গোৱালপাৰা, শিলচৰকে ধৰি বৰাক উপত্যকাৰ তিনিওখন জিলাৰ হেজাৰ-হেজাৰ বিঘাৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু সীমাহীনভাৱে পশুধনৰ ক্ষয়-ক্ষতি হৈছে ।

APCC press conference on flood situation in Assam
বান সাহাৰ্য বিতৰণত চৰম বৈষম্যৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, 23 মে': ৰাজ্যৰ হেজাৰ হেজাৰ বানপীড়িতই চৰকাৰী সাহাৰ্য অবিহনেই আশ্ৰয় শিৱিৰত চূড়ান্ত অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে ৷ এই অভিযোগ কংগ্ৰেছ দলৰ (APCC accuses government to discrimination) ৷ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কয় যে বানত ক্ষতিগ্ৰস্ত হেজাৰ হেজাৰ লোকে অৰ্দ্ধাহাৰে বা অনাহাৰে আশ্ৰয় শিৱিৰত দিন কটাইছে ।

স্বাস্থ্য সেৱা, স্বাস্থ্যসন্মত শৌচ-প্ৰস্ৰাৱৰ ব্যৱস্থা নাই প্ৰায়বোৰ আশ্ৰয় । শিশুৰ বাবে শিৱিৰত খাদ্যৰো যোগান নাই । তেওঁ কয় যে মৰিগাঁও, নগাঁও, হোজাই, মঙলদৈ, নলবাৰী, গোৱালপাৰা, শিলচৰকে ধৰি বৰাক উপত্যকাৰ তিনিওখন জিলাৰ হেজাৰ-হেজাৰ বিঘাৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু সীমাহীনভাৱে পশুধনৰ ক্ষয়-ক্ষতি হৈছে (APCC press conference on flood situation in Assam) ।

এতিয়ালৈকে এই বানত কেইবাগৰাকীও ব্যক্তি মৃত্যু মুখত পৰিছে । এনে এক জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আশানুৰূপ তৎপৰতা নেদেখুওৱাটো অতি দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে । বানপীড়িতৰ দুৰৱস্থা আঁতৰাবলৈ চৰকাৰখনে যিসময়ত যুদ্ধকালিন তৎপৰতা গ্ৰহণ কৰিব লাগিছিল তেনে সময়ত চৰকাৰখনৰ দায়িত্বশীল মন্ত্ৰী পীযূষ হাজৰিকাই গাড়ীৰ ডিলাৰৰ পৰা ৬০ লাখ টকীয়া গাড়ী উলিয়াই বান চাবলৈ গৈছে ।

তেওঁ কয় যে বিজেপি শাসনৰ যোৱা ছটা বছৰৰ ভিতৰৰ ২০১৮-২০১৯ আৰু ২০১৯-২০২০ বিত্তীয় বৰ্ষত কেন্দ্ৰই এটা টকাও অসমক দিয়া নাছিল । ২০২০-২০২১ বৰ্ষত মাত্ৰ ৪৪.৩৭ কোটি টকা অসমক দিয়া হ'ল যদিও ২০২১-২০২২ বৰ্ষত পুনৰ অসমক বঞ্চিত কৰা হ'ল । মনজিৎ মহন্তই কয় যে অসমৰ বানবিধ্বস্ত জিলাসমূহত কংগ্ৰেছৰ বিভিন্ন প্ৰতিনিধি দলে ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ লৈছে আৰু পাৰ্যমানে সহায়-সাহায্যও আগবঢ়াই আছে ।

তদুপৰি শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে তিনিখন সুকীয়া কমিটী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই গঠন কৰি দিছে (APCC constitute committees for flood survey) । বিধায়ক নুৰুল হুদাৰ অধ্যক্ষতাত গঠিত ৯ জনীয়া কমিটীয়ে ডিমা হাচাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই আৰু নগাঁও জিলাৰ বান আৰু খহনীয়াৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব ৷

বিধায়ক বসন্ত দাসক অধ্যক্ষ হিচাপে লৈ গঠন কৰা ১৩ জনীয়া কমিটীখনে কামৰূপ (গ্ৰাম্য), বজালী, নলবাৰী, তামুলপুৰ, ওদালগুৰি, বাক্সা আৰু দৰং আৰু কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা ১০ জনীয়া কমিটীখনে গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, বৰপেটা, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ পৰিস্থিতি অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক:APSC scam: 2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক

ABOUT THE AUTHOR

...view details