গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী:প্ৰচলিত আইনৰ সকলো বিধি-বিধান উলংঘা কৰি ৰে'ল বিভাগৰ দখলত থকা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ৫৮ বিঘা মাটি পানীৰ দৰত তিনিজন বহিৰাগত বণিয়াক চমজাই দিয়া ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছে (Guwahati railway land leasing to corporates) । এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই ভূমিৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে ।
উল্লেখ্য যে, শেহতীয়াকৈ ৰে'ল বিভাগে গুৱাহাটীৰ মাজমজিয়াৰ গুৱাহাটী ক্লাৱ-আমবাৰী হৈ উজানবজাৰলৈ থকা পুৰণি ৰে'লৰ আলি আৰু তাৰ কাষৰ ৰে'ল কৰ্মচাৰীৰ আৱাসগৃহৰ মুঠ ১৮ বিঘা আৰু গুৱাহাটী ৰেল ষ্টেচনৰ সমীপৰ ভাৰতীয় ৰিজার্ভবেংকৰ গাতে লাগি থকা ৪০ বিঘা মাটি ঋষি গুপ্তা, উত্তম বেৰিয়া আৰু অৰুণ বাজাজ নামৰ তিনিজন ব্যৱসায়ীক ৯৯ বছৰৰ বাবে মাত্ৰ ১০০ কোটি টকাৰ লীজ’ত প্ৰদান কৰিছে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বুধবাৰে সংবাদমেলযোগে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে একো নাজানো বুলি কোৱা কথাক প্ৰত্যাহ্বান জনাই কয় যে, ভূমি ৰাজ্য চৰকাৰৰ কর্তৃত্বৰ বিষয় । তাৰ পিছতো এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে এই বিষয়ে একো নাজানো বুলি কোৱাটোৱে দুটা দিশ উন্মোচিত কৰিলে । এই বক্তব্যৰ দ্বাৰা মুখ্যমন্তীয়ে নিজৰ ব্যর্থতা মানি লৈছে নাইবা ৰাজ্যবাসীক আকৌ এটা গোকাট মিছা কথাৰে আভুৱা ভাৰিব খুজিছে ।
মনজিৎ মহন্তই কয় যে, ভূমি অধিগ্ৰহণ আইন, ১৮৯৪ আৰু পঞ্জীয়ন (অসম সংশোধনী) আইন, ২০০৯ অনুসৰি ৰাজ্যৰ ৰাজহ বিভাগ আৰু সংশ্লিষ্টজিলা উপায়ুক্তৰ আপত্তিবিহীন প্ৰমাণপত্ৰ অবিহনে এনেদৰে ভূমি হস্তান্তৰিত কৰিবই নোৱাৰি । ভূমি অধিগ্ৰহণ আইন, ১৮৯৪ আৰু পঞ্জীয়ন (অসম সংশোধনী) আইন, ২০০৯ য়ে এই বিষয়ত স্পষ্ট নিৰ্দেশনা দি থৈছে । তাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে একো নাজানো বুলি কোৱাটো চূড়ান্ত হাস্যকৰ বুলি তেওঁ কয় ।