অসম

assam

ETV Bharat / state

খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা : মেজমেলত বহিল অনুপ চেতিয়া আৰু খিলঞ্জীয়া জাতি জনগোষ্ঠীয় সংগঠন - খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান

অনুপ চেতিয়াৰ সৈতে জনগোষ্ঠীয় সংগঠনৰ মেজমেল ৷ মেজমেলত বহু কেইটা প্ৰস্তাৱনা প্ৰস্তুত হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে মেজমেলৰ আহ্বায়ক অনুপ চেতিয়াই ৷

খিলঞ্জীয়াই লাভ কৰিবনে সাংবিধানিক সুৰক্ষা?

By

Published : Sep 19, 2019, 6:43 PM IST

গুৱাহাটী,19 ছেপ্তেম্বৰ: ঐতিহাসিক 6 নং দফা অনুযায়ী অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান সম্পৰ্কত ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতি সন্দৰ্ভত অসম সাহিত্য সভা ভৱনত অনুপ চেতিয়াৰ সৈতে জনগোষ্ঠীয় সংগঠন সমূহৰ মেজমেল ৷ এই মেজমেলত বহু কেইটা প্ৰস্তাৱনা প্ৰস্তুত কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে মেজমেলৰ আহ্বায়ক অনুপ চেতিয়াই ৷ লগতে অতি শীঘ্ৰেই দাখিল কৰিব লগীয়া স্মাৰক পত্ৰ খনত দুটা কৈ দাবী থকাৰ কথা উল্লেখ কৰে অনুপ চেতিয়াই ৷ খিলঞ্জীয়া লোকৰ স্বাৰ্থত সাংবিধানিক সুৰক্ষাৰ লগতে বহু কেইটা বিষয় সন্নিবিষ্ট কৰা হৈছে এই স্মাৰক পত্ৰত ৷ চেতিয়াই প্ৰকাশ কৰা অনুসৰি মেজমেলত গঠিত হোৱা এখন কমিটিয়ে আগন্তুক সময়ৰ খিলঞ্জীয়া অধিকাৰ সন্দৰ্ভৰ সকলো বিষয়টো গুৰুত্ব প্ৰদান কৰিব ৷

খিলঞ্জীয়াই লাভ কৰিবনে সাংবিধানিক সুৰক্ষা?

উল্লেখ্য যে ঐতিহাসিক ৬ নং দফা অনুযায়ী অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান সম্পৰ্কত নীতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । সেই সন্দৰ্ভত অসমৰ দল সংগঠন, সচেতন ব্যক্তিৰ পৰা মতামত লগতে পৰামৰ্শ বিচাৰিছে চৰকাৰে ৷ উক্ত বিষয়ৰ ভিত্তিতেই বৃহস্পতিবাৰে অনুষ্ঠিত হয় মেজমেলখন ৷

ABOUT THE AUTHOR

...view details