অসম

assam

By

Published : Mar 2, 2019, 2:50 PM IST

ETV Bharat / state

অব্যাহত প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ আইনী যুঁজ

পূৰ্বৰ দৰে আজিও আদালতত উপস্থিত নহ'ল অনিল ৰাজা

আদালতত উপস্থিত নহ'ল অনিল ৰাজা

গুৱাহাটী, ২ মাৰ্চ : কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ মাজত অব্যাহত আছে আইনী যুঁজ । নিজ দলৰে প্ৰাক্তন নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অনা দুৰ্নীতিৰ অভিযোগৰ ভিত্তিতে দুই নেতাৰ মাজত চলি আছে আইনী যুঁজ । শনিবাৰে এই আইনী যুঁজৰ তাৰিখ আছিল যদিও পূৰ্বৰ কেইবাৰৰ দৰে আজিও আদালতত উপস্থিত নহ'ল অনিল ৰাজা ।

আদালতত উপস্থিত নহ'ল অনিল ৰাজা
উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰে নেতা অনিল ৰাজাই বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি চৰকাৰলৈ প্ৰেৰণ কৰিছিল পত্ৰ । তাৰ পাচতে অনিল ৰাজাৰ পত্ৰৰ ভিত্তিত বৰ্তমানৰ চৰকাৰখনে ৰকিবুল হুছেইনৰ সম্পত্তিৰ তদন্তও কৰিছিল । কিন্তু অনিল ৰাজাই উত্থাপন কৰা সকলো অভিযোগ মন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰি লগতে অনিল ৰাজাক তেওঁৰ অভিযোগ আদালতত প্ৰমাণ কৰিবলৈ দাবী জনাই অনিল ৰাজাৰ ওপৰত গোচৰ ৰুজু কৰিছিল ৰকিবুল হুছেইনে ।

ABOUT THE AUTHOR

...view details