অসম

assam

ETV Bharat / state

Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত - কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্ত

দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক ৷ 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তক (Angkita Dutta expelled from Congress) ৷

Angkita Dutta controversy
Angkita Dutta controversy

By

Published : Apr 22, 2023, 12:29 PM IST

Updated : Apr 22, 2023, 12:36 PM IST

গুৱাহাটী, 22 এপ্ৰিল :অৱশেষত বহিষ্কাৰ হ'ল অংকিতা দত্ত । কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক । দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা বাবে অংকিতা দত্তক দলৰ পৰা বহিষ্কাৰ কৰা হয় । নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আজি এক নিৰ্দেশযোগে অংকিতা দত্তক ছয় বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে (Angkita Dutta expelled)।

উল্লেখ্য যে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল । সামাজিক মাধ্যমত উত্থাপন কৰা এই গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংকিতা দত্তৰ সৈতে আলোচনাত বহি সমগ্ৰ বিষয়টো মীমাংসা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল । দলৰ শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰাই সমগ্ৰ বিষয়টো মীমাংসা কৰা হ'ব বুলি ভূপেন বৰাই কোৱাৰ পাচতো অংকিতা দত্তই দিছপুৰ থানাত বহু গুৰুতৰ অভিযোগেৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল (Angkita Dutta accuses IYC President) ।

এ আই চি চিৰ সদস্য সচিব তাৰিক আনোৱাৰৰ স্বাক্ষৰ সম্বলিত বিবৃত্তি

বুধবাৰে ভূপেন বৰাই আশ্বাস প্ৰদান কৰাৰ পাচতো উক্ত দিনাই নিশা অংকিতা দত্তই দিছপুৰ থানাত এজাহাৰ দাখিল কৰে । লক্ষ্যনীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনা উলংঘা কৰি শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল অংকিতা দত্তই । ইয়াকে লৈ ক্ষোভিত হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । তাৰ পাচতেই বৃহস্পতিবাৰে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্রী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰাৰ বাবে দায়িত্ব দিয়া হয় (Assam Youth Congress President Angkita Dutta controversy)।

অংকিতা দত্ত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য হোৱা বাবে কংগ্ৰেছ নেত্রী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ দায়িত্ব প্ৰদান কৰা হৈছিল । অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বিষয়টো প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ওপৰতে এৰি দিছিল । আনহাতে বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ড০ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল । অতি কম সময়ৰ ভিতৰতে উত্তৰ বিচাৰি জাননী জাৰি কৰা হৈছিল (Angkita Dutta accuses IYC President) ।

শুকুৰবাৰে অংকিতা দত্তই দিয়া জাননীৰ উত্তৰ প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰা হয় । অৱশেষত শনিবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে লগে লগে কাৰ্যকৰী হোৱাকৈ অংকিতা দত্তক ছয় বছৰৰ বাবে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অংকিতা দত্তক বহিষ্কাৰ কৰা হৈছে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এক বিবৃত্তি যোগে সদৰী কৰে (Angkita Dutta alleged IYC chief for harassing over gender) ।

দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত অংকিতা দত্তক বহিষ্কাৰ কৰাৰ কথা এ আই চি চিৰ সদস্য সচিব তাৰিক আনোৱাৰৰ স্বাক্ষৰ সম্বলিত বিবৃত্তিত জনোৱা হৈছে ।

লগতে পঢ়ক :Ankita Dutta accuses IYC President: যুৱ কংগ্ৰেছৰ সভাপতিয়ে মোক নিৰ্যাতন চলাইছে: অংকিতা দত্ত

Last Updated : Apr 22, 2023, 12:36 PM IST

ABOUT THE AUTHOR

...view details