গুৱাহাটী, 13 জুনঃঅম্বুবাচী উপলক্ষে বৃহস্পতিবাৰে মহানগৰীৰ পাণ্ডু কলেজ গেটত মহা অম্বুবাচী আধ্যাত্মিক সেৱা সমিতিৰ মহানগৰী জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভা । বিগত বৰ্ষৰ অম্বুবাচীত ৰৈ যোৱা আসোঁৱাহসমূহ যাতে এইবাৰ পুণৰাবৃত্তি নহয় তাৰ বাবে এই সভাত আলোচনা কৰা হয় । এই সভাৰ পাচতে জানিবলৈ দিয়ে যে, ২০ তাৰিখৰ পৰা ২৭ তাৰিখলৈ পাণ্ডুৰ কলেজ গেটত ভক্তৰ বাবে বিশেষ শিবিৰ স্থাপন কৰিব সংস্থাটোৱে । য'ত ভক্তসকলক সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হ'ব । ইফালে মহানগৰীত স্থাপন হ'বলগীয়া চাৰিটা ভক্তৰ শিবিৰত ৫০০ জন স্বেচ্ছাসেৱক নিয়োগ কৰিব মহা অম্বুবাচী আধ্যাত্মিক সেৱা সমিতিয়ে । তাৰোপৰি শিবিৰসমূহৰ লগতে ভক্তৰ সেৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব সমিতিটোৱে ।
তুংগত অম্বুবাচীৰ প্ৰস্তুতিঃ প্ৰশাসনৰ বৈঠক - গুৱাহাটী
মহানগৰীত স্থাপন হ'বলগীয়া চাৰিটা ভক্তৰ শিবিৰত ৫০০ জন স্বেচ্ছাসেৱক নিয়োগ কৰিব মহা অম্বুবাচী আধ্যাত্মিক সেৱা সমিতিয়ে । তাৰোপৰি শিবিৰসমূহৰ লগতে ভক্তৰ সেৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব সমিতিটোৱে ।
অম্বুবাচী উপলক্ষে প্ৰশাসনৰ সৈতে পৰ্যালোচনা মহা অম্বুবাচী আধ্যাত্মিক সেৱা সমিটিৰ
এই সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত মনোজ চিকাৰীয়া, সমাজকৰ্মী কমল দে, দেৱব্ৰত দে আদিকে ধৰি আৰক্ষী আৰু অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।