অসম

assam

ETV Bharat / state

Ambubachi Mela: ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা - কামাখ্যা মন্দিৰ

শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । এইবাৰ অম্বুবাচীত নাথাকিব ভি আই পি , ভি ভি আই পিৰ ব্যৱস্থা ৷

Ambubachi Mela will held from 22 June
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা

By

Published : Jun 19, 2023, 4:27 PM IST

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা

গুৱাহাটী, ১৯ জুন: উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে নীলাচল পাহাৰত ৷ অম্বুবাচী মেলালৈ মাজত মাথো দুদিন বাকী । শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । অম্বুবাচীত তীৰ্থ যাত্ৰীক আদৰবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ ৷ অম্বুবাচীক কেন্দ্ৰ কৰি তীৰ্থ যাত্ৰী সাধু-সন্ন্যাসীৰ সমাগম ঘটিছে মা কামাখ্যালৈ ৷ এইবাৰ বিগত বৰ্ষতকৈ ১৫-১৬ লাখ তীৰ্থ যাত্ৰীৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে দেৱালয়ৰ কতৃপক্ষই ৷

কামাখ্যা দেৱালয়ৰ সম্পাদক জ্ঞান নাথ শৰ্মাই ই টি ভি ভাৰতৰ আগত কয় যে, অম্বুবাচী মেলাক কামাখ্যা মন্দিৰত সম্পূৰ্ণ প্ৰস্তুতি হৈছে । ২২ জুনৰ নিশা ২.৩০ বজাত প্ৰবৃতি হ’ব অম্বুবাচীৰ ৷ ২৬ জুনত হ’ব নিবৃত্তি ৷ অম্বুবাচী সময়ত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ মন্দিৰলৈ আহি পৰিক্ৰমা কৰিব পাৰিব ৷ তীৰ্থ যাত্ৰীৰ বাবে মন্দিৰ পথত পানীৰ ব্যৱস্থা কৰা হ’ব ৷ যাত্ৰীৰ সুৰক্ষাৰ বাবে মন্দিৰৰ তলৰ পৰা ওপৰলৈ তিনি শতাধিক চি চি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে ৷

প্ৰায় ৪০০ স্বেচ্ছাসেৱক , স্কাউট গাইড থকাৰ উপৰি মন্দিৰ কৰ্তৃপক্ষৰ পৰা প্ৰায় ১৫০ জন চিকিউৰিটি থকাৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক থাকিব ৷ এইবেলি কামাখ্যাৰ ওপৰত কোনো থকা খোৱাৰ ব্যৱস্থা কৰা হোৱা নাই ৷ অম্বুবাচীৰ নিবৃত্তিৰ দিনটোত কোনো ভি আই পি , ভি ভি আই পিৰ ব্যৱস্থা নাথাকিব । নিবৃত্তিৰ দিনটোত পূজা পাঠৰ পিছতে ভক্তৰ বাবে খুলি দিয়া হ’ব কামাখ্যাৰ দুৱাৰ ।

উল্লেখযোগ্য মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ ভক্ত আৰু সাধু–সন্ন্যাসীৰ আগমন হয় ৷ প্ৰতিবৰ্ষৰ দৰে মন্দিৰৰ তলত চৰকাৰে ভক্তৰ বাবে নিৰ্মাণ কৰিব কেম্প ৷

এইবাৰ ভক্তসকলৰ বাবে নিৰ্মাণ কৰা হ’ব দুটাকৈ কেম্প। এই দুয়োটা কেম্প নিৰ্মাণ কৰা হ’ব পাণ্ডুত। তদুপৰি নিশা ৯ বজাৰ পিছত কামাখ্যাত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই । নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথত ভক্তৰ বাবে খোৱাপানীৰ ব্যৱস্থা থাকিব ৷ ভক্তৰ বাবে সমগ্ৰ পথত পাৰি দিয়া হ’ব কাৰ্পেট।

লগতে পঢ়ক:অম্বুবাচী মেলাই উদঙাইছে শিক্ষা বিভাগৰ সমন্বয়হীনতা; বিষয়াৰ নিৰ্দেশৰ কথা গম নাপায় শিক্ষামন্ত্ৰীয়ে !

ABOUT THE AUTHOR

...view details