গুৱাহাটী, 4 মেঃ যাত্ৰীৰ সুৰক্ষাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে বাতিল কৰিলে ৰেলসেৱা ৷ সাগৰীয় ঘূৰ্ণী বতাহ ফনীৰ বাবে দক্ষিণ ভাৰত সংযোগী সকলো ৰেলৰ চলাচল বাতিল কৰা হৈছে ৷ বৰ্তমানলৈকে দক্ষিণ ভাৰত সংযোগী ২০খন ৰেল বাতিল কৰা হৈছে ।
বাতিল হৈছে দক্ষিণ ভাৰতলৈ যোৱা আটাইবোৰ ৰেল - South Indian Connecting Train Cancelled
ফনীৰ ফলত ব্য়াহত ৰেলসেৱা ৷ উৰিষ্যা হৈ দক্ষিণ ভাৰতলৈ যোৱা সকলো ৰেল বাতিল ৷

বাতিল হৈছে দক্ষিণ ভাৰতলৈ যোৱা আটাইবোৰ ৰেল
প্ৰণৱজ্যোতি মহন্ত
উৰিষ্যা হৈ যাবলগীয়া আটাইবোৰ ৰেলৰ চলাচল বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱে ৷ ফনীৰ ফলত সংঘটিত হোৱা ক্ষতিৰ বাবেই এইদৰে বাতিল কৰা হৈছে ৰেলসেৱা ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জ্ঞনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই ৷