গুৱাহাটী, 28 জানুৱাৰীঃ অসমত অসমীয়া ভাষা প্ৰয়োগৰ বাবে এতিয়া সৰৱ হৈ পৰিছে সদৌ অসম উন্নয়ন পৰিষদ।
"ৰাজ্যখনৰ প্ৰতিটো চুকে-কোণে কেৱল অসমীয়া ভাষাই প্ৰাধান্য পাব লাগিব। কোনোৱে অসমীয়া ভাষাক অৱহেলিত কৰিলে শাস্তিৰ সন্মুখীন হ'ব।"সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে সদৌ অসম উন্নয়নপৰিষদৰ নেতৃত্বই। সংবাদমেলখনত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়াৰে পৰা অসমীয়া ভাষাৰ ফলক লগাব লাগিব বুলি সকীয়াই দিয়ে সংগঠনটোৰ সদস্যসকলে। আনহাতে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা নল'লে সদৌ অসম উন্নয়ন পৰিষদে নিজাববীয়াকৈ কঠোৰ পদক্ষেপ হাতত লোৱাৰ হুংকাৰ দিয়ে ।