অসম

assam

By

Published : Sep 26, 2020, 4:40 PM IST

Updated : Sep 27, 2020, 9:02 AM IST

ETV Bharat / state

কিহৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিলে আক্ৰাছুৱে ?

কোচৰাজবংশী সকলক নিঃশেষ কৰাৰ বাবে কৰা হৈছে BTR চুক্তি ৷ 2003 চনত সন্ত্ৰাসবাদীৰ কথা চিন্তা কৰি একপক্ষীয় ভাবে BTR চুক্তি কৰা হ’ল বুলিও অভিযোগ আক্ৰাছুৰ ৷

AKRSU press meet at guwahati
সমাগত বিধান সভা নিৰ্বাচনত বিজেপিক সহযোগিতা নকৰে আক্ৰাছুৱে

গুৱাহাটী,26 ছেপ্তেম্বৰঃ শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত BTR চুক্তি সন্দৰ্ভত আক্ৰাছুৱে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত আক্ৰাছুৱে উল্লেখ কৰে যে, কোচৰাজবংশী সকলক নিঃশেষ কৰাৰ বাবেই কৰা হৈছে এই BTR চুক্তিখন ৷ 2003 চনত সন্ত্ৰাসবাদীৰ কথা চিন্তা কৰি একপক্ষীয় ভাৱে BTR চুক্তিখন কৰা হ’ল বুলিও অভিযোগ কৰে সংগঠনটোৱে ৷ যাৰ বাবে গৃহ ভূমিতে নিঃশেষ হোৱাৰ দিশে কোচ ৰাজবংশী সকল ৷

সমাগত বিধান সভা নিৰ্বাচনত বিজেপিক সহযোগিতা নকৰে আক্ৰাছুৱে

ইপিনে বড়োলেণ্ড গঠনৰো তীব্ৰ বিৰোধিতা কোঁচ ৰাজবংশী সকলৰ ৷ তেওঁলোকৰ দাবী BTR চুক্তি কাৰ্যক্ষম কৰাৰ আগতে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰক ৷ লগতে কোচ ৰাজবংশী সকলৰ সমস্যা সমূহ সমাধান কৰাৰো দাবী তুলে ৷ আনহাতে প্ৰয়োজনত অস্ত্ৰ হাতত তুলি লোৱাৰো হুংকাৰ দিয়ে আক্ৰাছুয়ে ৷ সমাগত বিধান সভা নিৰ্বাচনত যিকোনো দলৰ হৈ নিজৰ জাতিৰ লোকে প্ৰতিদ্বন্দিতা কৰিলে তেঁওলোকৰ লগত আক্ৰাছু থাকিব বুলি সংবাদমেল যোগে ঘোষণা কৰে ৷ আনহাতে 28 টা বিধান সভা সমষ্টিত বিজেপি দলক সহযোগিতা নকৰাৰো হুংকাৰ প্ৰদান কৰে আক্ৰাছুৱে ৷

লগতে পঢ়কঃ ক’ভিড নিয়মৰ মাজেৰে ৰাজ্যত উদযাপন শংকৰদেৱৰ জন্ম জয়ন্তী

Last Updated : Sep 27, 2020, 9:02 AM IST

ABOUT THE AUTHOR

...view details