অসম

assam

ETV Bharat / state

বন্দীত্বৰ এটা বছৰ : মুকলি আকাশৰ তললৈ কেতিয়া আহিব অখিল গগৈ - আৰক্ষীয়ে চাবোৱা থানা

আজিৰ পৰা ঠিক এটা বছৰ পূৰ্বেই কঁপি উঠিছিল অসমৰ ৰাজপথ । সমগ্ৰ ৰাজ্যৰ জনতা ওলাই আহিছিল জাতিদ্ৰোহী চৰকাৰ খনৰ বিৰুদ্ধে । শ্ৰেণীকোঠা এৰি জাতি ৰক্ষাৰ বাবে চিঞৰিছিল ছাত্র সমাজে । ৰাজপথ হেন্দোলিত কৰি চৰকাৰৰ বৰঘৰ কঁপাইছিল ক্ষোভিত জনতাই । আৰক্ষী আৰু নিৰাপত্তা ৰক্ষীৰ বেত্ৰাঘাত্ৰৰ কোৱ, বন্দুকৰ গুলি বুকি পাতি ৰাজপথত চিঞৰিছিল জনতাই । নেতৃত্বত আছিল অখিল গগৈ। ক্ষোভিত জনতক জাতি ৰক্ষাৰ যুঁজ খনত সন্মুখৰ পৰা নেতৃত্ব দিছিল অখিল গগৈয়ে । সেয়াই দোষ আছিল অখিল গগৈৰ । যাৰ বাবে চৰকাৰে বৰ্বৰ ভাবে অখিলৰ ওপৰত দেশদ্ৰোহীৰ গোচৰ জাপি দি আজিও বন্দী কৰি ৰাখিছে কাৰাগাৰত ।

অখিলৰ বন্দীত্বৰ এটা বছৰ
অখিলৰ বন্দীত্বৰ এটা বছৰ

By

Published : Dec 10, 2020, 8:39 PM IST

তিনিচুকীয়া,10 ডিচেম্বৰ : 2019 বৰ্ষৰ এই সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে,কৃষক মক্তি সংগ্ৰাম সমিতি,আছুকে ধৰি বিভিন্ন দল সংগঠনে ৰাজপথ কঁপাই তুলিছিল আন্দোলনৰে ৷ উজনি অসমত আন্দোলক গুৰি ধৰিছিল অখিল গগৈয়ে তাৰমাজতে CAA বিৰোধী আন্দোলক উদগনি যোগোৱাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈ, মানস কোঁৱৰ, লক্ষ্যজ্যোতি গগৈ, দিব্যজ্যোতি শৰ্মাক ৷ যোৰহাট সদৰ থানাৰ গোচৰ নম্বৰ 3248/2019 ত তেওঁলোকৰ ওপৰত আৰোপ কৰা হয় ভাৰতীয় দণ্ডবিধিৰ আইনৰ ধাৰা 120(B)/143/153/153(A)/157/158/291/431 ৷

ইপিনে 17 ডিচেম্বৰত চান্দমাৰী থানাৰ 1688/2019 নম্বৰ গোচৰ 120(B)/124(A)/153(A)/153(B) IPC & R/W Sec 18 & UAP Act Sec 39ৰ অধীনত গ্ৰেপ্তাৰ হয় মানস কোঁৱৰ, লক্ষ্যজ্যোতি গগৈ, দিব্যজ্যোতি শৰ্মা ৷ NIAয়ে ৰুজু কৰা গোচৰ নম্বৰ RC-13-2019/NIA/GUW ৷ তাৰ সমান্তৰলভাবে সেই দিনাই অখিল গগৈক প্ৰেৰণ কৰা হয় দিল্লীস্থীত নিয়াৰ মুখ্য কাৰ্যাললৈ ৷ আনহাতে ১৯ মাৰ্চৰ শিৱসাগৰ সদৰ থানাৰ গোচৰ নম্বৰ 1344/2019 u/s 120(B)/143/150/153/153(A)/157 IPC ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে ৷ ইপিনে ২৪ মাৰ্চত অখিল গগৈক শিৱসাগৰ কেন্দ্ৰীয় কাৰাগৰলৈ প্ৰেৰণ কৰে।

অখিলৰ বন্দীত্বৰ এটা বছৰ

একেদৰে ২৮ মাৰ্চত চাবুৱা থানাৰ গোচৰ নম্বৰ 290/2019 u/s 427/353/34 ভাৰতীয় দণ্ডবিধিৰ অধীনত অখিল গগৈক শিৱসাগৰ জিলা কাৰাগাৰতে গ্ৰেপ্তাৰকৰে চাবুৱা আৰক্ষীয়ে। তাৰ মাজতে ১ এপ্ৰিলত সকলো গোচৰত জামিন মুক্ত হৈ শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়ত ডিব্ৰুগড় আৰক্ষীয়ে চাবোৱা থানাৰ গোচৰ নম্বৰ 289/2019 u/s 1২(B)/147/148/149/336/353/326/307 IPC ৰ অধীনত অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে । ৯ এপ্ৰিল চাবুৱা থানাৰ 289/2019 নম্বৰ গোচৰ নিয়ালৈ হস্তান্তৰ কৰাত NIA ই 120(B)/147/148/149/336/353/326/307/153(A)/153(B) & R/W Sec 15(1)(A) of UAP Act ধাৰাৰ অধীনত RC-01-2020/NIA/GUW নম্বৰ গোচৰ ৰুজু কৰি অখিল গগৈক গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে, ২৮ মেত চাবুৱা থানাৰ ২৯৩/২০১৯, ২৯৬/২০১৯ আৰু ৩০৭/২০১৯ নং গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰে । তাৰ সমান্তৰলভাবে ১২ ডিচেম্বত CAA বিৰোধী আন্দোলনৰ সময়ত চাবোৱা থানাৰ অন্তৰ্গত ৰাজহ চক্ৰৰ কাৰ্যালয় জ্বলোৱা, UBI বেংক জ্বলোৱা আৰু ডাকঘৰ জ্বলোৱাৰ অপৰাধত পুনৰ গ্ৰেপ্তাৰ হয় অখিল গগৈ । উল্লেখযোগ্য যে, এই সমূহ গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়াৰ সময়তে বহু গোচৰত অখিল গগৈয়ে জামিন পাবলৈও সক্ষম হৈছিল ৷ তাৰমাজতে পুনৰ ৯ জুলাইত ১৩ ডিচেম্বৰত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলোৱাৰ অপৰাধত অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হোৱা 292/2020 u/s 147/148/149/325/436/427/307 নং ভাৰতীয় দণ্ডবিধিৰ গোচৰত অখিল গগৈক অগ্ৰিম জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । তাৰমাজতে অখিল গগৈ মহামৰী ক’ৰণাত আক্ৰান্ত হয় আৰু ১২ জুলাইত গগৈক কাৰাগৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।

সম্প্ৰতি ১ অক্টোবৰত NIA ৰ দ্বিতীয়টো গোচৰ ০১/২০২০ ত অখিল গগৈৰ জামিন মঞ্জুৰ কৰে নিয়াৰ বিশেষ আদালতে । তাৰবিপৰীতে ৬ অক্টোবৰত নিয়াৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰা নিয়াৰ দ্বিতীয়টো গোচৰৰ ০১/২০২০ ৰ জামিন বাতিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনায় NIA য়ে । এই সমূহ ঘটনা পৰিঘটনাৰ মাজেৰে আজিও কাৰাৰুদ্ধ হৈ থাকিব লগীয়া হৈছে কৃষক নেতা অখিল গগৈ ৷

লগতে পঢ়কঃ শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

ABOUT THE AUTHOR

...view details