অসম

assam

অসমৰ তিনিজন আধুনিক বদন কোন ?

By

Published : Nov 20, 2019, 9:26 PM IST

আছুৰ কেব সন্দৰ্ভত বৰ্তমানৰ স্থিতিকো কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ জৰীয়তে আছু লৈ অখিল গগৈৰ মুকলি প্ৰশ্ন, আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাৱে নেকি ?

অসমৰ তিনিজন আধুনিক বদন কোন ?

গুৱাহাটী, 20 নৱেম্বৰঃকেবৰ বিৰোধিতা কৰি অখিল গগৈয়ে বুধবাৰে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে এখন সংবাদমেলৰ। অখিল গগৈৰ মন্তব্য তিনিজন আধুনিক বদনৰ জন্ম অসমত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ গৈ কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ তেওঁ কয় যে, অসমত তিনিজন আধুনিক বদন আছে, ইয়াৰে প্ৰথমজন বদন সৰ্বানন্দ সোণোৱাল দ্বিতীয় জন হিমন্ত বিশ্ব শৰ্মাআৰু তৃতীয়জন বদন চন্দ্রমোহন পাটোৱাৰী। ক্ষমতা আৰু গাদীৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক বিশ্বাসঘাটকতা কৰিছে। ইতিহাসে ক্ষমা কেতিয়াও নকৰে এই কেইজন নেতাক ।

আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাৱে নেকি ?
ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহিত হয় ৰাজ্যত মুঠ 20 লাখ হিন্দু বিদেশীয়ে নাগৰিকত্ব পাব বুলি কয় কৃষক নেতাজনে। আছুৰ কেব সন্দৰ্ভত বৰ্তমানৰ স্থিতিকো কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ জৰীয়তে আছু লৈ অখিল গগৈৰ মুকলি প্ৰশ্ন, আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাৱে নেকি ? আছু যদি সত্য অথবা আদৰ্শৱান হয় তেন্তে উচ্চ স্তৰীয় কমিটিৰ পৰা ওলাই আহক । 6 নং দফা ৰূপায়ণৰ উচ্চ স্তৰীয় কমিটিত আছু এতিয়ালৈ থকাতো লজ্জাৰ বিষয় বুলি প্ৰকাশ কৰে। বিভেদ পৰিহাৰ কৰি আছুক একেলগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাই অখিল গগৈয়ে।

আনহাতে আঞ্চলিক দল অগপকো কটু ভাষাৰে সমালোচনা থকা সৰকা কৰে অখিল গগৈয়ে। অতুল বৰাৰ কেব সন্দৰ্ভত কৰা মন্তব্যৰ আঁত ধৰি গগৈয়ে কয় য়ে, এই দলৰ অস্তিত্ব নাথাকিব যদি বিজেপিৰ সৈতে হোৱা মিত্ৰ জোঁট চৰকাৰ ভংগ নকৰে। অতুল বৰাৰ বক্তব্যৰ পিছত সত্য প্ৰমাণিত হ'ল যে অগপই নৰম হৈ দিলে বিজেপি চৰকাৰৰ আগত। বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক অখিল গগৈয়ে কেব সন্দৰ্ভত লোৱা স্থিতিৰ বাবে প্ৰশংসা কৰে ৷ কেৱল আছু আৰু অগপক নহয় কংগ্ৰেছ দলকো সমালোচনাৰে ঠকাসৰকা কৰা দেখা গ'ল সংবাদমেলত ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কংগ্ৰেছ দলৰ কেন্দ্ৰীয় কমিটিয়ে কেব সন্দৰ্ভত স্থিতি নজনাটো দুৰ্ভাগ্যজনক আখ্যা অখিল গগৈৰ।

লগতে চাওকঃসমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

ABOUT THE AUTHOR

...view details