গুৱাহাটী, 21 এপ্ৰিল : অৱশেষত মুখ খুলিলে ৰাইজৰ দলৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে (Kamal Kumar Medhi quits Raijor Dal) ৷ দল ত্যাগৰ প্ৰসংগত কমল কুমাৰ মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, NIA ৰ পৰা পৰিত্ৰাণ পাবলৈহে অখিল গগৈয়ে ৰাইজৰ দল গঠন কৰিছিল(Akhil Gogoi formed Raijor Dal to get rid of Nia) ৷ বৰ্তমান সময়ত অখিল গগৈ প্ৰদান কৰা বক্তব্যসমূহত স্পষ্ট হৈছে এই কথা ৷
লগতে তেওঁ কয় যে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ক’বলৈ বহুত আছে ৷ কিন্তু দলত্যাগ কৰি অহাৰ বাবে এতিয়া নেতিবাচক কথাবোৰ কোৱাৰ পৰা বিৰত আছে ৷ বুধবাৰে নিজা বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাইজৰ দলৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদকগৰাকীয়ে ৷
আনকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ সৰ্বময় কর্তা বুলিও উল্লেখ কৰে মেধিয়ে । আনহাতে, ‘‘কিছুদিন সংবাদ মাধ্যমত অখিল গগৈয়ে উল্লেখ কৰিছিল যে, তেওঁ ঘটনাক্ৰমেহে ৰাজনীতিলৈ আহিল । ৰাজনীতিলৈ আহি তেওঁ ভুল কৰিলে । সেয়ে পুনৰ ৰাজপথৰ সংগ্ৰামলৈ তেওঁ ঘূৰি যাবলৈ বিচাৰি আছে । গগৈয়ে হয়তো কৌশলগত কাৰণত এনে কথা ক’ব পাৰে’’ বুলি মেধিয়ে সদৰি কৰে ।
কিন্তু এই কথাই দলৰ নেতা-কর্মীসকলৰ মাজত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷ লগতে তেওঁ কয় যে, দলটো মূল নেতৃত্বজনেই যদি দলত্যাগ কৰি ৰাজপথলৈ যাব বুলি কৈছে । তেন্তে বাকীসকল দলৰ নেতা-কৰ্মীয়ে কি কৰিব ? নতুন মানুহ দললৈ কি কাৰণত আহিব ? আনকি দলৰ ভিতৰত থকাসকলৰ মনত হতাশা নাহিব নেকি !