অসম

assam

ETV Bharat / state

পুনৰ NIAৰ জিম্মাত অখিল গগৈ - কৃষক মুক্তি সংগ্ৰাম সমিতি

পুনৰ গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক । 13/2019 নম্বৰ গোচৰত অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত NIAয়ে পুনৰ নিজৰ জিম্মাত লয় কৃষক নেতাগৰাকীক ৷

পুনৰ NIAৰ জিম্মাত অখিল গগৈ
পুনৰ NIAৰ জিম্মাত অখিল গগৈ

By

Published : Apr 23, 2020, 5:06 PM IST

গুৱাহাটী, 23 এপ্ৰিল : বৃহস্পতিবাৰে পুনৰ গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে কৃষক নেতা অখিল গগৈক । অখিল গগৈৰ অধিবক্তাই জানিবলৈ দিয়ামতে, 13/2019 নং গোচৰৰ ভিত্তিত অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।পূৰ্বে এই গোচৰৰ ভিত্তিতেই জামিন লাভ কৰিছিল অখিল গগৈয়ে । কিন্তু উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত NIAয়ে পুনৰ অখিল গগৈক নিজৰ জিম্মাত লয় ।

পুনৰ NIAৰ জিম্মাত অখিল গগৈ

উল্লেখযোগ্য যে,ডিব্ৰুগড় চাবুৱা থানাৰ এক গোচৰৰ ভিত্তিত NIAয়ে ৰুজু কৰা 01/2020 নম্বৰ গোচৰত তদন্তকাৰী সংস্থাটোৱে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ বাবে 16 এপ্ৰিল তাৰিখে চান্দমাৰীৰ NIAৰ আদালতৰ কাষ চাপিছিল ৷
লগতে অধিবক্তাই জানিবলৈ দিয়ে যে,13 মে’ত 13/2019 নম্বৰ গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বিতু সোণোৱাল,ধৈৰ্য্য কোঁৱৰ আৰু মানস কোঁৱৰৰ সৈতে কৃষক নেতাগৰাকীক পুনৰ আদালতত হাজিৰ কৰা হ’ব ।
লগতে পঢ়ক : ধেমাজিৰ মাছখোৱাত বিধ্বংসী ধুমুহা

ABOUT THE AUTHOR

...view details