বাইহাটা, 15 জুলাই :ৰাজ্যজুৰি চলি আছে চিণ্ডিকেটৰাজ, শাসকীয় দল বিজেপিৰ ছত্ৰছাঁয়াতেই চলিছে চিণ্ডিকেটৰাজ ৷ এই অভিযোগ জাতীয় ৰাজনৈতিক দল অসম জাতীয় পৰিষদ(assam jatiya parishad)চমুকৈ এজেপি(AJP)ৰ ৷ আৰক্ষী প্ৰশাসনক নিজৰ মতে পৰিচালনা কৰি ইয়াৰ সহায়ত ৰাজ্যজুৰি গেৰুৱা দলটোৱে চুপাৰী, গৰু, কয়লা, চাউল আদিৰ চিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দলটোৱে ৷
বৃহস্পতিবাৰে, কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁৱত চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে দলটোৱে । এই কাৰ্যসূচী যোগে, কামৰূপ জিলাত চলি থকা চিণ্ডিকেট চক্ৰক কামৰূপ আৰক্ষীয়ে ৰক্ষণা বেক্ষণ দিয়াৰো এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে দলটোৱে । কামৰূপ জিলাৰ ছয়গাঁৱৰ মাৰুটি কোৱালিটি প্ৰডাক্ট প্ৰাইভেট লিমিটেড(Maruti quality product pvt ltd)ৰ পৰা এক লাখ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰাৰ পাছতো কৰ্তৃপক্ষৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷