অসম

assam

ETV Bharat / state

Violation of NEP: অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগৰ অভিযোগত প্ৰধানমন্ত্ৰীলৈ পত্ৰ এজেপিৰ - ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ

ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজীত প্ৰকাশ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰিছে ৰাজ্য চৰকাৰে ৷ এই অভিযোগ তুলিছে অসম জাতীয় পৰিষদে ৷ বিষয়টোত হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ (AJP wrote letter to PM) ৷

Violation of NEP
AJP wrote letter to PM

By

Published : Mar 31, 2023, 10:57 PM IST

গুৱাহাটী, 31 মাৰ্চ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ আৰু বিতৰণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰাৰ অভিযোগ উত্থাপন অসম জাতীয় পৰিষদৰ ৷ এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে দলটোৱে ৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, যি সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত মাতৃভাষা তথা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানত গুৰুত্ব দিছে, তেনে সময়ত অসম চৰকাৰে মাতৃভাষা শিক্ষাৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক ৷ গতিকে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে দলটোৱে (AJP wrote letter to PM Modi) ৷

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষা বৰ্ষত মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান ইংৰাজী ভাষাতে কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াকে লৈ ইতিপূৰ্বে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ প্ৰায়কেইটা ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন তথা শিক্ষক সংগঠনসমূহে তাৰ তীব্ৰ বিৰোধিতা কৰিছিল (AJP alleged Assam govt violation NEP) ৷

লগতে পঢ়ক:Assam CM slams Rahul Gandhi: ৰাহুল‌ গান্ধীক নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত লোক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

কিন্তু তেনে বিৰোধিতাক আওকাণ কৰি শিক্ষা বিভাগে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাতে প্ৰণয়ন আৰু মুদ্ৰণ কৰি ইতিমধ্যে চৰকাৰী বিদ্যালয়সমূহত বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ইফালে এই সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘পাঠ্যপুথি ইংৰাজীত চপালে তাতে কি হ’ল, আপোনালোকে অযথা বিতৰ্কৰ সৃষ্টি নকৰিব । আমি পূৰ্বতেই সিদ্ধান্ত লৈছিলোঁ, এতিয়া ইংৰাজী হৈছে ভালহে হৈছে । দুখীয়া লোকৰ ল’ৰা-ছোৱালী ডাক্তৰ, ইঞ্জিনীয়াৰ হ’ব ভালহে পাব লাগে । অন্তত দুবছৰলৈ ইয়াকলৈ বিতৰ্ক নকৰিব । দুবছৰৰ পিচত যদি এয়া ভাল সিদ্ধান্ত নহয় বুলি প্ৰমাণ হয় তেতিয়া আমি প্ৰত্যাহাৰ কৰিম এই সিদ্ধান্ত ।’’(Himanta Biswa Sarma on NEP)

আজি অসম জাতীয় পৰিষদে চৰকাৰৰ উক্ত পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা পত্ৰখনত দলটোৱে কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিত পাঠ্যক্ৰমৰ মাধ্যম হিচাপে মাতৃভাষাক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ৷ মাতৃভাষাত শিক্ষা প্ৰদান কৰাটো ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিপুষ্টি সাধনৰ উৎকৃষ্ট উপায় বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা মঞ্চত বহুবাৰ প্ৰকাশ কৰিছে (Violation of NEP) ৷

লগতে পঢ়ক:Kejriwal to visit Guwahati: অসম ভ্ৰমণৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক হিমন্ত বিশ্বৰ প্ৰত্যাহ্বান

সেই কাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষা কিম্বা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এনে স্পষ্ট নীতি থকাৰ পিচতো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details