অসম

assam

ETV Bharat / state

উৎকন্ঠাৰ অৱসানঃ মঙলবাৰে গেৰুৱা মন্ত্ৰৰ দীক্ষা ল'ব অজন্তা-ৰাজদ্বীপে - অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালা

মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই । ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত দুয়োগৰাকীয়ে গেৰুৱা দলটোৰ সদস্য পদ গ্ৰহণ কৰিব ।

মঙলবাৰে বিজেপিত যোগদান কৰিব অজন্তা-ৰাজদ্বীপে
মঙলবাৰে বিজেপিত যোগদান কৰিব অজন্তা-ৰাজদ্বীপে

By

Published : Dec 28, 2020, 7:57 PM IST

গুৱাহাটী, ২৮ ডিচেম্বৰ: বিভিন্ন চৰ্চা আৰু ৰাজনৈতিক উৎকন্ঠাৰ অন্ত পেলাই সদ্য কংগ্ৰেছত্যাগী দুই বিধায়ক অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই মঙলবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা মন্ত্ৰৰে দীক্ষিত হৈ বিজেপিত যোগদান কৰিব । সোমবাৰে বিয়লি ৰাজ্যিক বিজেপিৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হৈছে । মঙলবাৰে দিনৰ ১১ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ উপস্থিতিত দুয়োগৰাকীয়ে বিজেপিত যোগদান কৰিব ।

অজন্তা নেওগ

দুয়োৱে ইতিমধ্যে বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে । এই কথা নকলেও হ'ব অজন্তা নেওগৰ বিজেপি গমন কংগ্ৰেছ দলৰ বাবে হ'ব এক বৃহৎ ক্ষতি । প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত সমবায় মন্ত্ৰীৰ দায়িত্বত আছিল অজন্তা নেওগৰ স্বামী প্ৰয়াত নগেন নেওগ । পৰৱৰ্তী সময়ত আলফাৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হোৱা নগেন নেওগ আছিল এগৰাকী আজীৱন কংগ্ৰেছ কৰ্মী ।

নগেন নেওগৰ মৃত্যুৰ পিছত কংগ্ৰেছে গোলাঘাটৰ পৰা প্ৰক্ষেপ কৰিছিল তেওঁৰ পত্নী অজন্তা নেওগক । খুবেই কম সময়ৰ ভিতৰত নিজৰ দক্ষতাৰে অজন্তা নেওগ হৈ পৰিছিল কংগ্ৰেছৰ এগৰাকী আগশাৰীৰ প্ৰভাৱশালী নেত্ৰী । প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত একাধিকবাৰ গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল তেওঁ । অনুৰূপ ধৰণে বৰাক উপত্যকাৰ এগৰাকী আজীৱন কংগ্ৰেছী নেতা, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত দীনেশ প্ৰসাদ গোৱালাৰ পুত্ৰ হৈছে ৰাজদ্বীপ গোৱালা ।

দুগৰাকীকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাত দীনেশ প্ৰসাদ গোৱালাৰ স্থান আছিল খুবেই গুৰুত্বপূৰ্ণ । এক কথাত ক'বলৈ গলে, বৰাক উপত্যকাৰ চাহ জনগোষ্ঠীয় কংগ্ৰেছৰ ভোটবেংকত দীনেশ প্ৰসাদ গোৱালাৰ আছিল সাংঘাতিক প্ৰভাৱ । তেওঁৰ বিয়োগৰ পিছত কংগ্ৰেছে পিতৃৰ সমষ্টি লক্ষীপুৰৰ পৰা প্ৰাৰ্থিত্ব দিয়ে গোৱালাৰ পুত্ৰ ৰাজদ্বীপ গোৱালাক ।

ৰাজদ্বীপ গোৱালা

লক্ষীপুৰৰ পৰা বিজয়ী হৈ অহাৰ পিছত আনকি ৰাজদ্বীপ গোৱালাক অসম বিধানসভাৰ সৰ্বোচ্চ আৰু গুৰুত্বপূৰ্ণ সমিতিৰূপে বিবেচিত ৰাজহুৱা হিচাপ কমিটিৰ অধ্যক্ষ হিচাপেও নিযুক্তি দিয়া হৈছিল । কিন্তু শেহতীয়াকৈ দীঘলীয়া কুচ-কাৱাজৰ পিছত যোৱা ২৬ ডিচেম্বৰৰ নিশা আমিনগাঁৱত অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হোৱাৰ অন্তত চূড়ান্ত হয় দুয়োৰে বিজেপিত যোগদানপৰ্ব । সেইমৰ্মেই মঙলবাৰৰ পৰা দুয়োৰে নতুন ঠিকনা হব- বাজপেয়ী ভৱন ।

লগতে পঢ়ক:অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী

ABOUT THE AUTHOR

...view details