অসম

assam

By

Published : Sep 30, 2020, 6:40 PM IST

ETV Bharat / state

কোটিপতি হ'লেহে পাব নেকি এ আই ইউ ডি এফৰ টিকট ?

কোটিপতি হ'লেহে পাব নেকি এ আই ইউ ডি এফৰ টিকট ? এই ক্ষেত্ৰত কি ক'লে দলটোৰ সাধাৰণ সম্পাদক (প্ৰশাসন) আমিনুল ইছলামে ? চাওক এই প্ৰতিবেদন...

এ আই ইউ ডি এফৰ টিকট
এ আই ইউ ডি এফৰ টিকট

গুৱাহাটী, ৩০ ছেপ্তেম্বৰ:কোটিপতি হ'লেহে ২০২১ ৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে । এয়া কোনো লিখিত দলীয় নিৰ্দেশ নহয় । কিন্তু দলটোৰ ভিতৰে বাহিৰে ইতিমধ্যে বাৰুকৈয়ে প্ৰচাৰ হৈছে এই নতুন নিয়মৰ কথা । আনকি এ আই ইউ ডি এফৰ এক শীৰ্ষ সুত্ৰই ইটিভি ভাৰতৰ আগত এই বুলিও প্ৰকাশ কৰিছে যে, বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থা যিহেতু অত্যন্ত ব্যয়বহুল, সেয়েহে প্ৰাৰ্থিত্ব সেইসকলেহে লাভ কৰিব, যিসকলে আৰ্থিকভাৱে শক্তিশালী বুলি দলীয় নেতৃত্বক পতিয়ন নিয়াব পাৰিব ।

কোটিপতি হ'লেহে পাব নেকি এ আই ইউ ডি এফৰ টিকট ?

ইপিনে আন এক সুত্ৰই সদৰী কৰা মতে, এ আই ইউ ডি এফৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিলে সংশ্লিষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে প্ৰথমে কমেও দুই কোটি টকা দলক জমা দিব লাগিব । অৱশ্যে দলীয় নেতৃত্বই এনে সম্ভাৱনা বা নিয়মৰ কথা অস্বীকাৰ কৰিছে । দলীয় নেতৃত্বৰ দাবী - এনে ব্যৱস্থা এতিয়াও কৰা হোৱা নাই । আনহাতে, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (প্ৰশাসন) আমিনুল ইছলামে এই প্ৰসংগত ই টিভি ভাৰতক কয় যে, নিৰ্বাচনত অৱতীৰ্ণ হবলৈ হ'লে প্ৰাৰ্থী অৰ্থনৈতিকভাৱে টনকিয়াল হ'বই লাগিব । সেয়েহে প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত এই দিশটোৰ প্ৰতি দলীয় নেতৃত্বই স্বাভাৱিকতে গুৰুত্ব দি আহিছে । কিন্তু এনে নহয় যে এ আই ইউ ডি এফত প্ৰাৰ্থিত্ব পাবলৈ হ'লে টকা দিব লাগিব ৷ কিয়নো বহু আৰ্থিকভাৱে দুৰ্বল লোকো এ আই ইউ ডি এফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছে ৷

লগতে পঢ়ক:ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details