গুৱাহাটী, ১২ জুলাই : হঠাৎ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছে এ আই ইউ ডি এফৰ মুৰব্বী, ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ । ইতিমধ্যে দেওবাৰে তেওঁক মুম্বাইৰ ছেইফি হাস্পতালত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি ছেইফি হাস্পতালৰ আই চি ইউত বিশেষজ্ঞ চিকিৎসকৰ অহৰহ নিৰীক্ষণত আছে আজমল । স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁক অক্সিজেন দিব লগা হৈছে । মন কৰিবলগীয়া যে বিগত কিছুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ নিজা বাসগৃহত চিকিৎসাধীন হৈ আছিল বদৰুদ্দিন আজমল ।
যোৱা ৪ জুলাইত ছেইফি হাস্পতালত তেওঁৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল যদিও সেই ফলাফল "নিগেটিভ" পোৱা গৈছিল । ইতিমধ্যে একাংশ সংবাদ মাধ্যমত বদৰুদ্দিন আজমল ক'ৰণাত আক্ৰান্ত বুলি প্ৰচাৰ হোৱাত সমগ্ৰ বিষয়টোক লৈ এক বিভ্ৰান্তিৰ সৃষ্টি হয় । কিন্তু দেওবাৰে নিশা এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে ইটিভি ভাৰতক কয় যে, "৪ জুলাইত আজমল চাহাবৰ স্বাৱ পৰীক্ষাৰ ফলাফল ছেইফি হাস্পতালে নিগেটিভ বুলি জনাইছিল । কিন্তু তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত দেওবাৰে পুনৰ তেওঁৰ স্বাৱ পৰীক্ষাৰ বাবে দিয়া হয় । কিন্তু ফলাফলত তেওঁৰ নামটো ভুলকৈ অহাত আন এক বিভ্ৰান্তিৰ সৃষ্টি হয় । অৱশেষত তেওঁৰ ফলাফল শুদ্ধকৈ পোৱা হয় যত তেওঁ ক'ভিড পজিটিভ বুলি কোৱা হয় আৰু তেওঁক ছেইফি হাস্পতালত ভৰ্তি কৰোৱা হয় " ।