আজাৰা, 20 আগষ্ট : এটাৰ পিচত আনটো অনুষ্ঠানৰ সম্পদ ব্যক্তিগতকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ । কিছুদিন পূৰ্বে ভাৰতীয় ৰে’লৰ ১০৯ ৰুটৰ ১৫১ খন ছুপাৰ ফাষ্ট পেছেঞ্জাৰ ট্ৰেইন ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ পিচতে এইবাৰ দেশৰ ৬টা কৈ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে কেন্দ্ৰৰ মোডী চৰকাৰে । এই বিমানবন্দৰ কেইটা ক্ৰমে, লক্ষ্ণৌ, আহমেদাবাদ, জয়পুৰ মংগালুৰু, তিৰুৱনন্তপুৰম আৰু গুৱাহাটী বিমান বন্দৰ ।
বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণক লৈ বিমানবন্দৰৰ কৰ্মচাৰীৰ প্ৰতিবাদ
৫০ বছৰৰ বাবে বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱনন্তপূৰম বিমানবন্দৰক গতাই দিলে আদানী গ্ৰুপক । ব্যক্তিগতকৰণ কৰা এই ৬ খন বিমানবন্দৰৰ ভিতৰত গুৱাহাটী লোকপিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নামো অন্তৰ্ভুক্ত হৈ আছে । যাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিলে বিমানবন্দৰ কৰ্মচাৰী সকলে ।
৫০ বছৰৰ বাবে বৰঝাৰ বিমান বন্দৰসহ জয়পুৰ আৰু তিৰুৱনন্তপূৰম বিমানবন্দৰক গতাই দিলে আদানী গ্ৰুপক । ব্যক্তিগতকৰণ কৰা এই ৬খন বিমানবন্দৰৰ ভিতৰত গুৱাহাটী লোকপিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নামো অন্তৰ্ভুক্ত হৈ আছে । নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে যাৰবাবে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । AAI ৰ অধীনত থকা এই তিনিটা সহ মুঠ 6টা বিমানবন্দৰ 2019 চনৰ 26 ফেব্ৰুৱাৰীত এক নিলামী প্ৰক্ৰিয়াৰ জৰিয়তে গৌতম আদানীৰ কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল কেন্দ্ৰৰ মোডী চৰকাৰখনে ।
তাৰেই পৰিণতিত আনকেইটাৰ সৈতে বৰঝাৰ বিমান বন্দৰটোও কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিক ভাৱে হস্তান্তৰ প্ৰক্ৰিয়াত অনুমোদন প্ৰদান কৰিলে । যাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিলে বিমানবন্দৰ কৰ্মচাৰী সকলে । আদানী গ্ৰুপ গ’বেক, ব্যক্তিগতকৰণ বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিলে ।
লগতে পঢ়ক :সংখ্যালঘু ছাত্ৰবৃ্ত্তিৰ কেলেংকাৰীঃ ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ