গুৱাহাটী, 27 মাৰ্চ :বিজেপিৰে মিত্রতাত থাকি অস্তিত্বৰ সংকটত ভোগা অগপই দলৰ সাংগঠনিক ভেটি শক্তিশালীকৰণৰ যাত্ৰাক সঠিক দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে দেওবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।
সভাত বিগত পৌৰ সভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰি ৰণকৌশল প্ৰস্তুত কৰা হয় । সভাত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে দলটোক অধিক গণমূখী কৰাৰ উদ্দেশ্যে বাষিৰ্ক সভাই গ্ৰহণ কৰে এখন সাংগঠনিক কৰ্মসূচী ।
এই কৰ্মসূচীৰ জৰিয়তে দলৰ প্ৰত্যেকটো স্তৰ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বাবে প্ৰতি মাহে কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হয় । সভাই দেউৰী আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ(Karbi Anglong Autonomous Council Election) ওপৰত আলোচনা কৰি দুখনকৈ নিৰ্বাচনী সমিতি গঠন কৰে । লগতে দলে সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কটো আলোচনা কৰে ।