অসম

assam

ETV Bharat / state

GMC Election 2022: কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি - বিহুগীতেৰে অগপৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ইস্তাহাৰ মুকলি

মঙলবাৰে গুৱাহাটীত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ (AGP releases election manifesto)। অগপ সভাপতি অতুল বৰাই মুকলি কৰা এই অনুষ্ঠানটোত উপস্থিত থাকে দলটোৰ কেইবাজনো জেষ্ঠনেতাৰ লগতে দলীয় কৰ্মীসকল ৷

agp-releases-election-manifesto-for-gmc-election-2022
কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

By

Published : Apr 12, 2022, 10:29 PM IST

গুৱাহাটী, ১২ এপ্ৰিল :সন্মুখত পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022) ৷ আগন্তুক 22 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিভিন্ন দল-সংগঠন ৷ সাজু হৈছে মিত্ৰদল অগপ-বিজেপিয়েও ৷ নিতৌ ন ন ভংগিমাৰে এতিয়া ৰাইজৰ মন জয় কৰাত উঠি পৰি লাগিছে অগপ-বিজেপি ৷ সেয়ে এইবাৰ ন-ৰূপত দেখা গ'ল মন্ত্ৰী অতুল বৰাক ৷ মঞ্চত বিহুগীত পৰিবেশন কৰিলে মন্ত্ৰী অতুল বৰাই ৷ মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত এনেদৰে দেখা গ'ল মন্ত্ৰী অতুল বৰাক ৷

ৰঙালী বিহু প্ৰাক্ ক্ষণত সাংবাদিকৰে মত-বিনিময় শীৰ্ষক অনুষ্ঠানত ১৬ টা প্ৰতিশ্ৰুতি সম্বলিত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে অগপই (AGP releases election manifesto) । ভূমিহীনক মাটি পট্টা প্ৰদান, আৰ্ৱজনামুক্ত গুৱাহাটী, যান-জঁটৰ ব্যৱস্থা সুষম কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান, কৃত্ৰিম বান ৰোধ, অপৰাধ আৰু নিচামুক্ত গুৱাহাটী নিৰ্মাণকে ধৰি বহুকেইটা প্ৰতিশ্ৰুতি উল্লেখ আছে এই ইস্তাহাৰত ।

গুৰুত্বপূৰ্ণ বিজেপি মিত্ৰজোঁটৰে পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসম গণ পৰিষদ । মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত অগপ দলে প্ৰাৰ্থী দিছে মাত্ৰ ৭ টা ৱাৰ্ডত । বাকী ৫৩ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপি দলে ।

কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

আনহাতে, মত-বিনিময় অনুষ্ঠানত আগন্তক দিনবোৰৰ কাৰ্য প্ৰণালী সম্পৰ্কে অৱগত কৰে মন্ত্ৰী তথা সভাপতি বৰাই । মন্ত্ৰী হিচাপে কৃষক ৰাইজৰ সমস্যা সমাধান কৰাৰ লগতে উৎপাদন বৃদ্ধিৰ সকলো পদক্ষেপ ল'বলৈ সাজু মত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ।

ইফালে উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে, "কৃষিৰ জৰিয়তে স্ব-নিয়োজনৰ মুখ্যমন্ত্ৰী প্ৰচেষ্টা বাস্তৱত ৰূপায়িত কৰা হ'ব ৷ আঞ্চলিকতাবাদীক বিশ্বাসী অসমৰ জনগণৰ একমাত্ৰ ভৰসা দল অগপ । গুৱাহাটী পৌৰ নিৰ্বাচনৰ পাছতে নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হ'ব ৷"

উল্লেখ্য যে, উক্ত মত-বিনিময় অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী তথা অগপ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই পহিলা ব'হাগৰ দিনাই চৰকাৰৰ বৰ্ষপূৰ্তিৰ সময়ত নতুন বতৰা ৰাইজলৈ দিয়া হ'ব বুলি উল্লেখ কৰে ৷ ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত ৭ খনকৈ কেঞ্চাৰ হাস্পতালৰ মুকলি লগতে অন্য ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাশিলা স্থাপন কৰিব বুলি সদৰী কৰে স্বাস্থমন্ত্ৰী কেশৱ মহন্তই (Modi to inaugurate seven cancer hospitals)।

উল্লেখ্য যে, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, দৰং, কোকৰাঝাৰ, যোৰহাট আৰু বৰপেটাত মুকলি কৰা হ'ব এই কেঞ্চাৰ হাস্পতাল কেইখন । একেদৰে আধাশিলা স্থাপন কৰা হ'ব তিনিচুকীয়া, নগাঁও, গোলাঘাট, ধুবুৰী, গোৱালপাৰা, শিৱসাগৰ, আৰু নলবাৰীত ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে । প্ৰশাসনত সংস্কাৰ হৈছে, নিচাযুক্ত ঘটনা আৰু অপৰাধ কমিছে । লগতে অপৰাধৰ ঘটনা হ্ৰাস পোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ইফালে ১০ মে'ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বৰ্ষপূৰ্তিৰ দিনটোত গৃহমন্ত্ৰী অমৃত শ্বাহে নিৰ্মীয়মান চুপাৰ স্পেচিয়েলিটি হাস্পতাল মুকলি কৰিব বুলিও অনুষ্ঠানত ঘোষণা কৰা হয় । ইফালে উক্ত মত-বিনিময় অনুষ্ঠানত উপস্থিত দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা ৷

লগতে পঢ়ক :GMC Election 2022: গুৱাহাটীক ন-কৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ABOUT THE AUTHOR

...view details