গুৱাহাটী, 14 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিন উপলক্ষে বিজেপিয়ে সোমবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰিছে "সেৱা সপ্তাহ" ৷ এই উপলক্ষে অসমতো সোমবাৰৰ পৰা আৰম্ভ হৈছে "সেৱা সপ্তাহ"৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে সোমবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে "সেৱা সপ্তাহ" উপলক্ষে দলে গ্ৰহণ কৰা বিস্তৃত কাৰ্যসূচী । সেই অনুসৰি 15 ছেপ্টেম্বৰত ৰাজ্যৰ 39 খন সাংগঠনিক জিলাৰ 70 খন গাঁও অৰ্থাৎ 2,730 খন গাঁৱত পালন কৰা হব স্বচ্ছতা অভিযান । একেদিনাই ৰাজ্যৰ 70 গৰাকী ক'ভিড ৰোগীক দান কৰা হ'ব প্লাজমা ।
ইয়াৰ পাছত 16 আগষ্টত ডিব্ৰুগড়,যোৰহাট,ধেমাজি,শোণিতপুৰ,নগাঁও,কাছাৰ,গুৱাহাটী,গোৱালপাৰা,বৰপেটা আৰু নলবাৰীত অনুষ্ঠিত কৰা হ'ব ৰক্তদান শিবিৰ । 17 আগষ্টত ৰাজ্যজুৰি ৰোপন কৰা হ'ব 19 লাখ 60 হাজাৰ গছপুলি । সেইদিনাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব শিল্পী সম্বৰ্ধনা সমাৰোহ,য'ত সম্বৰ্ধনা জনোৱা হ'ব 70 গৰাকী বিভিন্ন জনগোষ্ঠীয় শিল্পীক ।