গুৱাহাটী, ২৯ মে':এক ভয়ংকৰ পথ দুৰ্ঘটনাই সোমবাৰে পুৱাই কঁপাই গৈছে অসম ৷ দেওবাৰে নিশা মহানগৰীৰ জালুকবাৰীত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৭ জনকৈ যুৱক । স্কৰপিঅ' বাহনত যাত্ৰা কৰি থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰিছিল ডিভাইদাৰত । পৰৱৰ্তী সময়ত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা বাহনত আহি দ্বিতীয়টো খুন্দা মাৰে স্কৰপিঅ'খনে । যাৰ ফলত স্কৰপিঅ'খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।
তথ্য অনুসৰি, নিহত যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল (7 Students Killed in Road Mishap in Jalukbari) । ৭ জনকৈ যুৱকৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভাৱাল, নুমলীগড়ৰ নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা বুলি জানিব পৰা গৈছে । (Major Road Mishap In Guwahati's Jalukbari)
আৰক্ষীৰ ভাষ্য অনুসৰি, ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ'খনে । ধ্বংসপ্ৰাপ্ত স্কৰপিঅ'খনৰ অৱস্থাৰ পৰা সহজেই অনুমান কৰা যায় যে যে, তীব্ৰ গতিত আহি আছিল বাহনখন ।