অসম

assam

বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত NIA ক ব‍্যৱহাৰ কৰিছেঃঅদীপ ফুকন

By

Published : Feb 24, 2020, 4:56 AM IST

বিজেপিয়ে ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা চমুকৈ NIA ক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰৰ কৰিছে । দেওবাৰে এই মন্তব্য কৰে অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনে ৷ অসমত CAA বিৰোধী সংগ্ৰাম ৰোধ কৰিবলৈ এই NIA ক ব্যৱহাৰ কৰি অহা বুলি মন্তব্য কৰে অদীপ ফুকনে ৷

অদীপ ফুকন
বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত NIA ক ব‍্যৱহাৰ কৰিছেঃঅদীপ ফুকন

গুৱাহাটী, 23 ফেব্ৰুৱাৰীঃ অসমত CAA বিৰোধী সংগ্ৰাম ৰোধ কৰিবলৈ বিজেপিয়ে ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা চমুকৈ NIA ক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰৰ কৰিছে । এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনৰ । লগতে সকলো দল সংগঠনকে অখিল গগৈক তাৎক্ষণিকভাৱে মুক্তিৰ দাবীৰে জাগৰণ সৃষ্টি কৰিবৰ আহ্বান জনাই অদীপ ফুকনে । দিছপুৰত বহি থকা সৰ্বানন্দ চৰকাৰ আৰু দিল্লীৰ মোডী, অমিত শ্বাহ চৰকাৰে স্বতঃষ্ফূৰ্তভাৱে গঢ়ি উঠা CAA বিৰোধী সংগ্ৰাম ৰোধ কৰিবলৈয়ে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰি এই ব্যৱস্থাক ধিক্কাৰ দিয়ে অদীপ ফুকনে ।

বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত NIA ক ব‍্যৱহাৰ কৰিছেঃঅদীপ ফুকন

আনহাতে, আছুৰ ওপৰত মেধা পাটেকাৰ আৰু সন্দিপ পাণ্ডে কৰা মন্তব্যৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, 'সংবাদ মাধ্যমৰ আগত কিবা এটা মন্তব্য দিয়াৰ আগতে তেওঁলোকে অসমৰ CAA সংগ্ৰাম কেনেকৈ আৰম্ভ হৈছিল তাত আছুৰ ভূমিকা কেনেকুৱা আছিল সেইবোৰ জানি লব লাগিছিল । অসমৰ জনগণে সকলোৱে জানে আছু প্ৰথমৰ পৰাই এই সংগ্ৰামৰ লগত জড়িত আছিল ।

বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত NIA ক ব‍্যৱহাৰ কৰিছেঃঅদীপ ফুকন

আৰু পঢ়কঃ নতুন ৰাজনৈতিক দল কৰিব বিচৰাটো এটা ডাঙৰ ভুৱা সপোন

ABOUT THE AUTHOR

...view details