গুৱাহাটী, ২ নৱেম্বৰ : যতীন বৰাৰ ‘ৰাঘৱ’ বয়কট কৰাসকল বোলে মূৰ্খ ! এই আখ্যা দিছে ৰাগ ঐনিতম নামৰ অভিনয় কৰা এগৰাকী যুৱকে ৷ ভিচিডিৰ দিনত কেইখনমান ভিডিঅ’ ফিল্মত অভিনয় কৰি ৰাইজৰ চকুত পৰা স্বল্পখ্যাত ৰাগ ঐনিতমে পাচত কেইখনমান ছবিত অভিনয় কৰি দৰ্শকৰ আদৰ লাভ কৰিছিল ৷ তাতেই উটি-ভাঁহি গৈ এইবাৰ যতীন বৰাক সমৰ্থন কৰাৰ সুযোগ লৈ জনতা-জনাৰ্দনক মূৰ্খ বোলাৰো ধৃষ্টতা প্ৰদৰ্শন কৰিলে অভিনেতাগৰাকীয়ে ৷
কেৱল সিমানতেই ক্ষান্ত নাথাকিল কোনো কোনোৱে চিনি পোৱা অভিনেতাজন ৷ ৰাঘৱ ছবিক বিৰোধিতা কৰাসকলক সংস্কৃতিকদ্ৰোহী আখ্যা দি নামবোৰ লিখি থ’বলৈও আহ্বান জনালে যতীন বৰাৰ অনুজ অভিনেতাগৰাকীয়ে ৷ উল্লেখ্য যে, নেটিজেনৰ ব্যাপক বিৰোধিতা-বিতৰ্কৰ মাজেৰে চিনেমা হলত কাইলৈ এসপ্তাহ পাৰ কৰিব যতীন বৰাৰ 'ৰাঘৱ’ ছবিয়ে ৷
তেনে সময়তে অভিনেতা যতীন বৰাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনেৰে ৰাগ ঐনিতম নামৰ অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত 'বয়কট ৰাঘৱ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ যতীন বৰাৰ সদ্য মুক্তিপ্ৰাপ্ত নতুন চিনেমা ৰাঘৱৰ বিৰোধিতা কৰাসকলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অভিনেতাজনে । সংবাদ মাধ্যমত ৰাগ ঐনিতমে নিজৰ বক্তব্য প্ৰকাশ কৰি কৈছে, “মই অন্তৰৰ পৰা খুলি কৈছোঁ- চিনেমা মানে শিল্পক ৰাজনীতিকৰণ কৰাটো মূৰ্খামি কৰিছে, তেনে কৰাসকলক মই মূৰ্খ আখ্যা দিছোঁ ।” অভিনেতাজনৰ মতে চিনেমা এখন সম্পূৰ্ণ বেলেগ বস্তু ৷ বিভাগটো বোলে সম্পূৰ্ণ বেলেগ ৷ তাত ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই ৷