গুৱাহাটী, ১৫ মাৰ্চ: ২১ ফেব্ৰুৱাৰী, সন্ধিয়া প্ৰায় ৮.৩০ বজাত ছাত্ৰীবাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । নিজ এপাৰ্টমেণ্টৰ সন্মুখত মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অৱদেশ যাদৱ নামৰ ব্যৱসায়ীগৰাকীক । অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যাদৱৰ হত্যাকাৰী পংকজ কুমাৰক (Accused of Awadesh Yadavs murder arrest) ।
উল্লেখ্য যে, ধৃত পংকজে গুৱাহাটীলৈ আহি গুলীয়াইছিল ব্যৱসায়ী অৱদেশক । গুৰুত্বপূৰ্ণ কথা যে, ডব্লিউ যাদৱৰ পৰিকল্পনা মতেই এপাৰ্টমেণ্টৰ সন্মুখত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অৱদেশক ।