অসম

assam

ETV Bharat / state

উপ নিৰ্বাচনৰ পূৰ্বেই জনিয়াত কংগ্ৰেছৰ বিপদঃ দল ত্যাগ প্ৰাক্তন বিধায়কৰ - উপ নিৰ্বাচন

কংগ্ৰেছৰ দখলত থকা জনিয়া বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ পূৰ্বেই বিপদ ঘন্টা বাজিছে কংগ্ৰেছ দলৰ । সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা শক্তিশালী কংগ্ৰেছ নেতা আব্দুৰ ৰৌফৰ দল ত্যাগ ৷

উপ নিৰ্বাচনৰ পূৰ্বেই জনিয়াত কংগ্ৰেছৰ বিপদঃ দল ত্যাগ প্ৰাক্তন বিধায়কৰ

By

Published : Oct 6, 2019, 2:16 PM IST

Updated : Oct 6, 2019, 3:21 PM IST

গুৱাহাটী, ৬ অক্টোবৰঃ কংগ্ৰেছৰ দলত অথন্তৰ ৷ কংগ্ৰেছৰ দখলত থকা জনিয়া বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ পূৰ্বেই বাজিছে বিপদ ঘন্টা ৷ এসময়ৰ ইউ এম এফৰ নেতা আব্দুৰ ৰৌফে জনিয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই পৰৱৰ্তী পৰ্যায়ত যোগ দিছিল কংগ্ৰেছ দলত । ইফালে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকৰে তেঁওৰ সংঘাত দীৰ্ঘদিনীয়া আৰু সৰ্বজনবিদিত ।

কংগ্ৰেছ নেতা আব্দুৰ ৰৌফৰ দল ত্যাগ

এই সকলোৰে পৰিপ্ৰেক্ষিতত দেওবাৰে আনুষ্ঠানিকভাবে কংগ্ৰেছ দল ত্যাগ কৰে ৰৌফে । সমষ্টিটোৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আব্দুৰ ৰৌফৰ দলত্যাগে কংগ্ৰেছ দলটোৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে ।

Last Updated : Oct 6, 2019, 3:21 PM IST

ABOUT THE AUTHOR

...view details