গুৱাহাটী, ১২ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা নিৰ্বাচনী আয়োগৰ ইতিবাচক আৰম্ভণি ৷ কিন্তু খচৰাত কেতবোৰ সংশোধনীৰ প্ৰয়োজন আছে ৷ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ।
বুধবাৰে শ্বহীদ ন্যাসত সংবাদমেল সম্বোধন কৰি কয় ,‘‘সমষ্টি পুনৰ নিৰ্ধাৰণত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাৰ লগতে সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব । ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক স্পষ্টভাৱে আদৰণি জনাইছো ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পৃথক ৷ কাৰণ অবৈধ বিদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজনে অসমত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি মাতি আনিছে ৷’’
‘‘আছুৱে অসম চুক্তিৰ পিচত ১৯৮৬ চনতে ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী জনাইছিল । তথাপিও এইবাৰ ২০০১ চনৰ আধাৰত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আমি আদৰণি জনাইছো । অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্যতম ৰক্ষাকবচ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোতে অসমৰ জনবিন্যাসৰ বিষয়টো চকু দিব লাগিব ।’’ সমুজ্জ্বল ভট্টাচাৰ্যই লগতে কয় ৷
গোলাঘাট , যোৰহাট , শিৱসাগৰ , চৰাইদেউ , ডিব্ৰুগড় , তিনিচুকীয়া , ধেমাজি , লখিমপুৰ জিলাকে ধৰি যিসমূহ জিলাত জনবিন্যাসৰ পৰিৱৰ্তনে প্ৰভাৱ পেলোৱা নাই সেইসমূহ জিলাত সমষ্টি কমিব নালাগে বুলিও তেওঁ উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে জিলাসমূহৰ চাৰিসীমাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হওক । তদুপৰি অনুসূচীত জাতি , অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধি, বি টি আৰ আৰু পাহাৰীয়া জিলা কাৰ্বি আংলঙত আসন বৃদ্ধিক তেওঁ আদৰণি জনায় ।
কিন্তু ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো বিলুপ্ত হোৱাৰ বিৰোধিতা কৰি সমষ্টি দুটা বাহাল ৰখাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷ চাবুৱা , টিংখং, শিৱসাগৰ , যোৰহাট , হাজো, টিহু, বঙাইগাও, চতিয়া সমষ্টিকে ধৰি অসমৰ কেতবোৰ অঞ্চলত সমষ্টিৰ সীমা নিৰূপণৰ ক্ষেত্ৰত ৰাইজৰ যি আপত্তি উত্থাপিত হৈছে সেইসমূহ আয়োগে ইতিবাচকভাৱে বিবেচনা কৰা উচিত বুলিও তেওঁ কয় ৷