গুৱাহাটী,20 এপ্ৰিল: মঙলবাৰে মাতৃভাষা সন্দৰ্ভত ছেবাৰ শেহতীয়া জাননীক লৈ ছেবা কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ৷ মহানগৰীস্থিত ছেবাৰ কাৰ্যালয়ত ছেবাৰ অধ্যক্ষৰ লগত আলোচনাত বহিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ নেতৃত্বাধীন এটি দল ৷
এই আলোচনাত ছেবাৰ অধীনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা অধ্যয়ন নকৰাকৈ যাতে থাকিবলগীয়া নহয় তাৰ দাবী জনাই জাতীয় সংগঠনটোৱে ৷ আছুৱে জনোৱা দাবী অনুসৰি ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছেবাক দাবী কৰে ৷ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যথাসময়ত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে আছুৰ দলটোৱে ৷