গুৱাহাটী, 23 জুলাই :জাগীৰোডৰ কাগজ কলৰ দৰেই অতি শীঘ্ৰে বন্ধ হ'ব নামৰূপৰ সাৰ কাৰখানা ৷ লোকসভাত সাংসদ গৌৰৱ গগৈৰ এক প্ৰশ্নৰ উত্তৰত এই কথা নিশ্চিত কৰে কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই ৷ কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই দিয়া লিখিত উত্তৰৰ তথ্য মতে নামৰূপৰ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ চৰকাৰৰ এই তথ্যৰ পিচতেই এতিয়া হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে নামৰূপ সাৰ কাৰখানাৰ শ্ৰমিক-কৰ্মচাৰীৰ মাজত ৷
আনহাতে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে জাতীয় দল-সংগঠনসমূহে ৷ দেওবাৰে সাৰ কাৰখানা বন্ধ কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত তাৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰি কয় যে কোনো কাৰণতে সাৰ কাৰখানা বন্ধ হ'বলৈ দিয়া নহ'ব ৷ নামৰূপ সাৰ কাৰখানা অসমবাসীৰ হৃদপিণ্ড | অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতি তথা কৃষক সকল নিৰ্ভৰ কৰে নামৰূপৰ সাৰ কাৰখানাৰ ওপৰত | নামৰূপস্থিত এই সাৰ কাৰখানাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োজনীয় 5 লাখ মেট্ৰিক'টন সাৰৰ 70 শতাংশ সাৰ যোগান ধৰি আহিছে ৷
তেওঁ আৰু কয়, ‘‘সাৰ কাৰখানাটোৰ ইতিমধ্যেই দুটা গোটৰ উৎপাদন বন্ধ হৈ গৈছে ৷ তৃতীয় গোটৰ উৎপাদন চলি আছে যদিও, সেই উৎপাদনৰ জৰিয়তে ৰাজ্যৰ সমগ্ৰ কৃষি অৰ্থনীতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা নাই ৷ এই সম্পৰ্কে আছুৱে বিভিন্ন সময়ত মন্তব্য প্ৰদান কৰি আহিছে ৷ কেইবছৰমান পূৰ্বে সাৰ কাৰখানাটোলৈ 5 হাজাৰ কোটি টকা প্ৰদান কৰাৰ কথাও চৰকাৰে ঘোষণা কৰিছিল ৷ কিন্তু চৰকাৰৰ সেই ঘোষণা এতিয়া অসাৰ প্ৰতিপন্ন হোৱাহে পৰিলক্ষিত হ’ল ৷